বোকাখাতৰ যুৱ বিজ্ঞানী ড৹ মনচুন জ্যোতি গগৈৰ চমকপ্ৰদ সাফল্য : ১৩৫ পিচত উত্তৰ পুৰ্বাঞ্চলৰ পৰা পুনৰ আৱিস্কাৰ কৰিবলৈ সক্ষম ইতিমধ্যেই অদৃশ্য হৈ পৰা দুটা অৰেঞ্জ ফ্লেট প্ৰজাতিৰ পখিলা :

বোকাখাতৰ যুৱ বিজ্ঞানী ড৹ মনচুন জ্যোতি গগৈৰ চমকপ্ৰদ সাফল্য  : ১৩৫ পিচত উত্তৰ পুৰ্বাঞ্চলৰ পৰা পুনৰ আৱিস্কাৰ কৰিবলৈ সক্ষম ইতিমধ্যেই অদৃশ্য হৈ পৰা দুটা অৰেঞ্জ ফ্লেট প্ৰজাতিৰ পখিলা  :
Aiidesh Photo
বোকাখাতৰ যুৱ বিজ্ঞানী ড৹ মনচুন জ্যোতি গগৈৰ চমকপ্ৰদ সাফল্য  : ১৩৫ পিচত উত্তৰ পুৰ্বাঞ্চলৰ পৰা পুনৰ আৱিস্কাৰ কৰিবলৈ সক্ষম ইতিমধ্যেই অদৃশ্য হৈ পৰা দুটা অৰেঞ্জ ফ্লেট প্ৰজাতিৰ পখিলা  :
বোকাখাতৰ যুৱ বিজ্ঞানী ড৹ মনচুন জ্যোতি গগৈৰ চমকপ্ৰদ সাফল্য  : ১৩৫ পিচত উত্তৰ পুৰ্বাঞ্চলৰ পৰা পুনৰ আৱিস্কাৰ কৰিবলৈ সক্ষম ইতিমধ্যেই অদৃশ্য হৈ পৰা দুটা অৰেঞ্জ ফ্লেট প্ৰজাতিৰ পখিলা  :

বোকাখাতৰ যুৱ বিজ্ঞানী ড৹ মনচুন জ্যোতি গগৈৰ চমকপ্ৰদ সাফল্য  : ১৩৫ পিচত উত্তৰ পুৰ্বাঞ্চলৰ পৰা পুনৰ আৱিস্কাৰ কৰিবলৈ সক্ষম ইতিমধ্যেই অদৃশ্য হৈ পৰা দুটা অৰেঞ্জ ফ্লেট প্ৰজাতিৰ পখিলা  : 

Aiidesh News  : 7th March : 

বোকাখাতৰ যুৱ বিজ্ঞানী তথা পখিলাৰ বিশেষজ্ঞ মনচুন জ্যোতি গগৈয়ে ১৩৫ বছৰৰ পিচত উত্তৰ পুৰ্বাঞ্চলৰ পৰা অদৃশ্য হৈ যোৱা দুটাকৈ অতি বিৰল প্ৰজাতিৰ অৰেঞ্জ ফ্লেট পখিলাৰ প্ৰজাতি পুনৰ আৱিস্কাৰ কৰি ভাৰতৰ পখিলাৰ ইতিহাসত এক নতুন ৰেকৰ্ড স্থাপন কৰিবলৈ সক্ষম হৈছে ৷ মনচুন জ্যোতি গগৈৰ এই সাফল্যই পখিলাপ্ৰেমী আৰু পখিলা বিশেষজ্ঞ সকলৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷  বোকাখাতৰ পখিলা বিশেষজ্ঞ মৌচুমজ্যোতি গগৈয়ে বিগত ২০ টা বছৰেই নিজা ববীয়াকৈ পখিলাৰ ওপৰত পৰীক্ষা নিৰীক্ষা কৰি অহাৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ বহু প্ৰজাতিৰ পখিলাৰ চিনাক্তকৰণ কৰি আহিছে ৷ অঞ্চলটোৰ পৰা ইতিমধ্যেই অদৃশ্যহৈ যোৱা বহু কেইটা প্ৰজাতিৰ অনুসন্ধানতো আত্মনিয়োগ কৰি আহিছে ৷ নিৰৱিচিন্ন ভাৱে চলাই অহা অনুসন্ধানৰ শেষত মনচুন গগৈয়ে উত্তৰ পুৰ্বাঞ্চলৰ পৰা অদৃশ্য হৈ যোৱা অৰেঞ্জ ফ্লেট গোটৰ অৰেঞ্জ ফ্লেট বা পিনটাৰা টাব্ৰিকা  আৰু অৰেঞ্জ ফ্লেট বা পিনটাৰা পিনউইলি নামৰ দুবিধ পখিলাৰ প্ৰজাতিক পুনৰ আৱিস্কাৰ কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এইয়া এক ঐতিহাসিক ঘটনা হিচাবেও চিহ্নিত হৈছে ৷ 

মন কৰিব লগীয়া যে তথ্যৰ অভাৱতেই এই দুবিধ পখিলাক অৰেঞ্জ ফ্লেট বুলি কোৱা হৈছিল যদিও চিনাক্ত কৰাৰ সুবিধাৰ বাবে মনচুন জ্যোতি গগৈয়ে আৱিস্কাৰকৰ নামেৰে পখিলা দুবিধক হেইউটচনচ অৰেঞ্জ ফ্লেট বা পিনটাৰা টাব্ৰিকা আৰু ড'হাৰ্টিচ অৰেঞ্জ ফ্লেট বা পিনটাৰা পিনউইলি নামেৰে নামাকৰণ কৰিছে ৷ মনচুন জ্যোতি গগৈৰ পুৰ্বতে দুয়োবিধ পখিলাৰে উত্তৰ পুৰ্বাঞ্চলৰ পৰা কোনো ধৰণৰ প্ৰমানিক তথ্য নাছিল ৷ মনচুন জ্যোতিয়েই প্ৰথম বাৰৰ বাবে বিজ্ঞান সন্মত আৰু পদ্ধতিগতভাৱে এই দুবিধ অতি বিৰল প্ৰজাতিৰ অৰেঞ্জ ফ্লেট পখিলাৰ তথ্য সংগ্ৰহ কৰে ৷ সুদীৰ্ঘ সময়ৰ পিচত মনচুন গগৈৰ এই পুনৰ আৱিস্কাৰৰ তথ্য ফেব্ৰুৱাৰী মাহৰ বম্বেৰ নেচাৰেল হিষ্ট্ৰ চ'চাইটিৰ জৰ্নেলত গৱেষণা পত্ৰ হিচাবে প্ৰকাশ পাইছে আৰু ইয়াৰ লগে লগে দেশৰ বন্যপ্ৰাণী  প্ৰেমী সকলৰ দৃষ্টি আকৰ্ষণ কৰিছে বোকাখাত মনচুন জ্যোতি গগৈয়ে ৷

মনচুন জ্যোতি গগৈয়ে হেইউটচনচ অৰেঞ্জ ফ্লেট বা পিনটাৰা টাব্ৰিকা নামৰ পখিলাটো অসমৰ জয়পুৰ বনাঞ্চলত আৰু ড'হাৰ্টিচ অৰেঞ্জ ফ্লেট বা পিনটাৰা পিনউইলি নামৰ পখিলা বিধ অৰুনাচলৰ নামদফা ৰাষ্ট্ৰীয় উদ্যানত সুদীৰ্ঘ সময়ৰ পিচত পুনৰ আৱিস্কাৰৰ কৰিছে  ৷ উল্লেখ্য যে মনচুন জ্যোতি গগৈৰ আগতে ড'হাৰ্টিচ অৰেঞ্জ ফ্লেট বা পিনটাৰা পিনউইলি নামৰ পখিলাবিধক ১৮৮৮ - ৮৯ চনত আমেৰিকাৰ প্ৰসিদ্ধ পতংগবিদ উইলিয়াম ড'হাৰ্টিয়ে অসমৰ মাৰ্ঘেৰিটা আৰু ম্যানমাৰৰ সীমান্তত আৱিস্কাৰ কৰিছিল ৷ ইয়াৰ পিচত বিগত ১৩৫ বছৰ এইবিধ পখিলা উত্তৰ পুৰ্বাঞ্চলত দেখাৰ কোনো তথ্য নাই ৷ উইলিয়াম ড'হাৰ্টিয়ে মাৰ্ঘেৰিটা আৰু ম্যানমাৰ সীমান্তত পখিলাৰ সন্ধানত ১৮৮৯ চনত চলোৱা অভিযানত  অৰেঞ্জ ফ্লেট বা পিনটাৰা পিনউইলি পখিলা পাইছিল যদিও কিবা কাৰণত প্ৰতিবেদনৰ তালিকাত অৰেঞ্জ ফ্লেট বা পিনটাৰা পিনউইলি পখিলাৰ  উল্লেখ কৰা নাছিল ৷ তেতিয়াৰ পৰা এই প্ৰজাতিৰ পখিলা তথ্য কোনোও পোৱা নাছিল বাবেই ১৯৩০ চনত ভাৰতীৰ পৰা প্ৰকাশিত পখিলাৰ তালিকাৰ পৰা ভাৰতীয় লেখকসকলে ড'হাৰ্টিৰ অৰেঞ্জ ফ্লেট বা পিনটাৰা পিনউইলি পখিলা দেখা ঘটনাক সন্দেহজনক বুলি গণ্য কৰিছিল । এতিয়া সুদীৰ্ঘ ১৩৫ টা বছৰৰ পিচত বোকাখাতৰ যুৱ বিজ্ঞানী মনচুন জ্যোতি গগৈয়ে তথ্য আৰু ফটোসহ উপযুক্ত তথ্যৰে উত্তৰ পুৰ্বাঞ্চলত অৰেঞ্জ ফ্লেট বা পিনটাৰা পিনউইলি  পখিলাৰ উপস্থিতি নিশ্চিত কৰিবলৈ সক্ষম হৈছে ৷

একেদৰে পিনটাৰা টাব্ৰিকা নামৰ অৰেঞ্জ ফ্লেট পখিলা বিধক মনচুন জ্যোতি গগৈয়ে কলকাতাৰ সতীৰ্থ সৌৰভ দুৱাৰীৰ সহযোগত অৰুনাচলৰ নামদফা ৰাষ্ট্ৰীয় উদ্যানত ২০২১ চনত পুনৰ আৱিস্কাৰ কৰিছিল ৷ পখিলা বিধক প্ৰসিদ্ধ প্ৰকৃতিবিদ উইলিয়াম চেপমান হেইউটচনে ১৮৭৩ চনত দাৰ্জিলিংত প্ৰথম বাৰৰ বাবে আৱিস্কাৰ কৰিছিল ৷ এই বিধ পখিলা অন্তিম বাৰৰ বাবে ১৯৯৯ চনত ম্যানমাৰৰ কাচিনত আৰু ২০১৮ চনত ভুটানতহে দেখা পোৱা গৈছিল ৷ ভাৰতৰ ভুমিত দেখাৰ কোনো তথ্য নাই ৷ অৰেঞ্জ ফ্লেট পখিলাবোৰ স্কিপাৰ (হেস্পেৰিডি) পৰিয়ালৰ যদিও ফ্লেট গোটৰ অন্তৰ্ভুক্ত আৰু  পিনটাৰা প্ৰজাতিৰ । এই পখিলাবোৰ সাধাৰণতে অতি ঘন অৰণ্য বালিত গছৰ পাতৰ তলত থাকে সেয়েহে সহজে দেখা নাযায় । এই পখিলাৰ গোটটো ইণ্ডো-মালায়ান মূলৰ আৰু বেছিভাগ প্ৰজাতি মূলত  এচিয়া মহাদেশৰ ।

সম্প্ৰতি ভাৰতৰ এজন আগশাৰীৰ পখিলাৰ গৱেষক হিচাবে কৰ্মৰত ড৹ মনচুন জ্যোতি গগৈয়ে বোকাখাতৰ চি এন বি বিজ্ঞান মহাবিদ্যালয়ৰ পৰাই তেওঁৰ পখিলা অনুসন্ধানৰ যাত্ৰা আৰম্ভ কৰিছিল ৷ ২০০৭ চনত বোকাখাতৰ ভুমি নামৰ প্ৰকৃতি সংগঠনটোয়ে বিশিষ্ট প্ৰকৃতিবিদ মান বৰুৱাৰ সহযোগত আয়োজন কৰা পখিলা সংৰক্ষণ কৰ্মশালাত মনচুন জ্যোতিয়ে অংশ গ্ৰহন কৰিছিল আৰু সেইয়াই আছিল আৰম্ভনি ৷ ইয়াৰ পিচত নিৰৱিচিন্ন ভাৱে পখিলা অধ্যয়নত নিজকে উৎসৰ্গিত কৰি এই বিষয়ত গৱেষণা সম্পন্ন কৰিছে ৷ মনচুন জ্যোতি গগৈ বোকাখাত মহকুমাৰ বংকোৱাল উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক বীৰেণ গগৈ আৰু মঞ্জু বৰাৰ জেষ্ঠ পুত্ৰ ৷ পখিলা সংৰক্ষণ আৰু গৱেষণাৰ বাবে মনচুন জ্যোতিয়ে শেষতিয়াকৈ পখিলাৰ নামেৰে চাইনিং প্লাচব্লু প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰতিষ্ঠান আৰম্ভ কৰিছে ৷  এই প্ৰতিষ্ঠানে ৰাষ্ট্ৰ আৰু আন্তৰাষ্ট্ৰীয় পটভুমিত পখিলা সংৰক্ষণ আৰু গৱেষণাৰ বাবে কাম কৰিব বুলি মনচুন জ্যোতি গগৈয়ে জানিবলৈ দিয়ে  ৷৷

*********