উত্তৰ প্ৰদেশৰ নয়ডাত অনুষ্ঠিত হ'ব লগা মুকলি ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিব বোকাখাতৰ খেলুৱৈয়ে :

উত্তৰ প্ৰদেশৰ নয়ডাত অনুষ্ঠিত হ'ব লগা মুকলি ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিব বোকাখাতৰ খেলুৱৈয়ে  :
Aiidesh Photo

Aiidesh News: 14 September 2023 :

উত্তৰ প্ৰদেশ টাইকোৱাণ্ডো এচোছিয়েশ্যন আৰু গৌতমবুদ্ধ নগৰ টাইকোৱাণ্ডো এচোছিয়েশ্যনৰ উদ্যোগত ৫ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ উত্তৰ প্ৰদেশৰ নয়ডাত অনুষ্ঠিত হ'বলগীয়া মুকলি ৰাষ্ট্ৰীয়  টাইকোৱাণ্ডো প্ৰতিযোগিতাত অসমৰ ১৩ জনীয়া খেলুৱৈৰ এটা দলে অংশগ্ৰহন  কৰিব । নয়ডাত অনুষ্ঠিত হ'ব লগা এই  প্ৰতিযোগিতা কু্ৰুগী আৰু পুমচেই দুয়োটা শাখাতেই অনুষ্ঠিত হ'ব বুলি টাইকোৱাণ্ডো ফেডাৰেচন অফ ইণ্ডিয়াৰ সভাপতি ডঃ ঈশ্বৰী কুমাৰ গণেশ আৰু সভাপতি এডভোকেট আৰ.ডি মংগেশকাৰ, উত্তৰ প্ৰদেশ টাইকোৱাণ্ডো এচোছিয়েশ্যনৰ সভাপতি শাইলেশ কুমাৰ সিং আৰু সম্পাদক ৰাজ কুমাৰে জনাইছে ।

নয়ডাৰ এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিনিধিত্ব সদৌ বোকাখাত টাইকোৱাণ্ডো সন্থাৰ  কু্ৰুগী খেলুৱৈ সকল হ'ল ৬৮ কেজি শাখা আদিত্য গগৈ, ৫৫ কেজি শাখাৰ বৰুণ পানিকা, ৩৫ কেজি চাব জুনিয়ৰ শাখাৰ দিগন্ত বৰা, পুৰুষ- কেডেটৰ ১৬৪ চে.মি শাখাৰ জ্যোতিময় বৰা, কেডেট ১৬০চে.মি. শাখাৰ খুছী থাপা,  কেডেটৰ ১৫২চে.মি. শাখাৰ পাৰ্থজ্যোতি মুণ্ডা, জুনিয়ৰ  ৪২ কেজিৰ শাখাৰ প্ৰিয়া তেৰনপী, চাব জুনিয়ৰ ৪১ কেজি শাখাৰ শোভা গগৈ, মহিলাৰ ৫৭ কেজি শাখাৰ হিমাশ্ৰী দাস, পুৰুষৰ ৫৮ কেজি শাখাৰ পৰমেশ্বৰ গগৈ, পুৰুষৰ ৫৪ কেজি শাখাৰ সোমেশ্বৰ পাটগিৰি, পুৰুষৰ ৫৯ কেজি শাখাৰ জয়ন্তজিত বৰা, আৰু পুৰুষৰ ৬৩ কেজি শাখাৰ প্ৰণয়জ্যোতি হাজৰিকা ৷

একেদৰে অসমক প্ৰতিনিধিত্ব কৰি পুমচেই বিভাগত খেলিব লগা বোকাখাতৰ খেলুৱৈ সকল হ'ল কেডেট শাখাৰ খুছী থাপা, জুনিয়ৰ শাখাৰ প্ৰিয়া তেৰনপী, জ্যেষ্ঠ শাখাৰ ৰাজশ্ৰী বৰা ৷ অসমৰ এই টাইকোৱাণ্ডো খেলুৱৈৰ দলে ৩ অক্টোবৰত নয়ডালৈ বুলি ৰাওণা হ'ব বুলি জানিব পৰা গৈছে ।

*******