কৰ'ণা ভাইৰাছ সংক্ৰমন প্ৰতিৰোধৰ বাবে কল্যান নিধিলৈ গাওঁৰক্ষী বাহিনীৰ লক্ষ্যাধিক টকা :

কৰ'ণা ভাইৰাছ সংক্ৰমন  প্ৰতিৰোধৰ বাবে কল্যান নিধিলৈ গাওঁৰক্ষী বাহিনীৰ লক্ষ্যাধিক টকা  :
গাওঁৰক্ষী বাহিনীৰ হৈ সভাপতি মৃদুল বৰাৰ আৰক্ষী অধীক্ষকৰ হাতত চেক প্ৰদান :
কৰ'ণা ভাইৰাছ সংক্ৰমন  প্ৰতিৰোধৰ বাবে কল্যান নিধিলৈ গাওঁৰক্ষী বাহিনীৰ লক্ষ্যাধিক টকা  :

কৰ'ণা ভাইৰাছৰ সংক্ৰমন প্ৰতিৰোধৰ বাবে ৰাজ্যৰ বিভিন্ন লোকে অসম চৰকাৰৰ আৰোগ্য নিধিলৈ অৰ্থ সাহাৰ্য আগবঢ়োৱাৰ সময়ত বোকাখাতত অসম গাঁওৰক্ষী সংগঠনৰ পৰাওঁ ধন আগবঢ়োৱা হয় ৷ গাওঁৰক্ষী বাহিনীৰ বোকাখাত থানা কমিতিৰ তৰফৰ অসম চৰকাৰৰ কল্যান নিধিলৈ এক লাখ টকা আগবঢ়োৱাৰ লগতে বোকাখাতৰে নবোদয় গাঁওৰক্ষী বাহিনীৰ তৰফৰ পৰাও প্ৰদান কৰা দহ হেজাৰ টকাক লৈ মুঠ একলাখ দহ হেজাৰ টকাৰ আগবঢ়ায় ৷ শনিবাৰৰ দিনা গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক মহোদয় পুষ্পৰাজ সিঙৰ হাতত এই ধনৰাশিৰ এখন চেক আনুষ্ঠানিক ভাৱে প্ৰদান কৰে বোকাখাত থানা সমিতিৰ হৈ সভাপতি মৃদুল বৰাই ৷ এই ধন ৰাশি কভিড - ১৯  প্ৰতিৰোধৰ বাবে নিৰ্মিত চিকিৎসালয়ত ব্যৱহৃত কৰিবলৈ দিয়া বুলি সভাপতি গৰাকীয়ে জনায় । একেদৰে বোকাখাতৰ প্ৰাক্তন বিধায়ক তথা অসম বিধান সভাৰ প্ৰাক্তন উপাধ্যক্ষ বলোভদ্ৰ তামুলীয়ে তেওঁ ব্যক্তিগত শিতানৰ পৰা ৩০ হেজাৰ টকা আৰু বোকাখাতৰ অগ্ৰনী অনুষ্ঠান বোকাখাত নাট্য মন্দিৰ সমিতিৰ তৰফৰ পৰা ২০ হেজাৰ টকাৰ অৰ্থ সাহাৰ্য অসম চৰকাৰৰ কল্যান পুঁজিলৈ আগবঢ়াইছে ৷