মেট্রিক আৰু উচচতৰ মাধ্যমিকৰ ফল ঘোষণাত বিলম্ব ঘটিব

মেট্রিক আৰু উচচতৰ মাধ্যমিকৰ  ফল ঘোষণাত বিলম্ব ঘটিব
Image Courtesy : Zeenews

মেট্রিক আৰু উচচতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ পৰীক্ষাৰ ফল ঘোষণাত বিলম্ব ঘটিব৷ বিশ্বৰ শেহতীয়া পৰিস্থিতিয়ে ইতিমধ্যে ৰাজ্যৰ শৈক্ষিক ক্ষেত্রখনক বাৰুকৈয়ে প্রভাৱান্বিত কৰিছে৷ ফলত নির্ধাৰিত সময়তকৈ বহু পলমকৈ ঘোষণা হ’ব মেট্রিক আৰু উচচতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফল৷

লকডাউন ঘোষণাৰ পূর্বে মেট্রিকৰ ৮৪ শতাংশ বহী নিৰীক্ষণ সম্পূর্ণ হ’ল যদিও এতিয়া স্থবিৰ হৈ পৰিল৷ অর্থাৎ ১৬ শতাংশ বহী এতিয়াও চাবলৈ বাকী আছে৷ এই সন্দর্ভত আজি ছেবাৰ অধ্যক্ষ আৰ চি জৈনে কয় যে বহী চোৱা সম্পূর্ণ হোৱাৰ পাছতো পৰীক্ষা প্রক্রিয়া পুনৰীক্ষণৰ বাবে বাহিৰলৈ পঠোৱা হয়৷ গতিকে কিছু সময়ৰ প্রয়োজন হ’ব৷ বহিঃৰাজ্যৰ পৰিস্থিতিৰ ওপৰতো নির্ভৰ কৰিব৷

উচচতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ৭০ শতাংশ বহী চোৱা সম্পূর্ণ হৈছে৷ এতিয়াও বাকী আছে ৩০ শতাংশ বহী চাবলৈ৷ অসম উচচতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহঁায়ে এই সন্দর্ভত আজি কয় যে লকডাউনৰ ওপৰতে সকলো নির্ভৰ কৰিব৷ যদিহে ১৫ এপ্রিলৰ পৰা লকডাউন প্রত্যাহাৰ হয় তেন্তে মে’ৰ শেষৰফালে কিম্বা জুন মাহৰ প্রথম সপ্তাহত উচচতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফল ঘোষণা কৰিব পৰা যাব৷

বাকী থকা ৩০ শতাংশ বহী নিৰীক্ষণৰ পাছত ‘কনফিডেন্সিয়েল ৱর্ক’ বহিঃৰাজ্যত সম্পন্ন হোৱালৈ লকডাউনৰ পাছত আৰু ১৫-২০ দিন লাগিব বুলি শিক্ষা সংসদৰ অধ্যক্ষই জনাইছে৷ ইফালে উচচতৰ মাধ্যমিক প্রথম বর্ষৰ পৰীক্ষাৰ ছাত্র-ছাত্রীসকলক উত্তীর্ণ কৰি দিয়াৰ সিদ্ধান্ত লৈছে সংসদে৷

লকডাউনৰ বাবে পৰীক্ষা বাতিল কৰাত উচচতৰ মাধ্যমিক প্রথম বর্ষত তিনিওটা শাখাত অৱতীর্ণ ২,৩১,২৩৮ গৰাকী ছাত্র-ছাত্রীক বিনা পৰীক্ষাই উত্তীর্ণ ঘোষণা কৰা হৈছে৷ আনহাতে ছেবাই দশম শ্রেণীৰ ছাত্র-ছাত্রীৰ বাবে ইউনিট টেষ্ট বিকল্প হিচাপে অনলাইন যোগে বিশেষ পৰীক্ষা পদ্ধতি অৱলম্বন কৰিব৷ ইতিমধ্যে ইউ টিউব যোগে তিনিটা পাঠ্যক্রমৰ শিক্ষাদান কৰা ছেবাই অনলাইনযোগে প্রতিটো বিষয়ৰ খণ্ড খণ্ডকৈ পৰীক্ষা অনুষ্ঠিত কৰিব৷

এখন প্রশ্ন কাকতত ২৫ নম্বৰৰ প্রশ্ন সন্নিৱিষ্ট কৰি অনলাইনযোগে ছাত্র-ছাত্রীৰ বাবে উপলব্ধ কৰিব৷ ছাত্র-ছাত্রীসকলে নিজ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্রীক প্রশ্নোত্তৰ জমা দিব লাগিব৷ কাইলৈৰ পৰা এই প্রক্রিয়া আৰম্ভ হ’ব আৰু প্রথম অৱস্থাত গণিত বিষয়ৰ প্রশ্নকাকত প্রস্তুত কৰিছে ছেবাই৷

আজি ছেবাৰ অধ্যক্ষ আৰ চি জৈনে জানিবলৈ দিয়া মতে প্রতিখন জিলাৰ স্কুল পৰিদর্শকৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কাইলৈ এই সন্দর্ভত স্কুলসমূহৰ বাবে স্পষ্ট নির্দেশনা দিয়া হ’ব৷ তেওঁ জনোৱা মতে অনলাইনযোগে পাঠ্যক্রম শিক্ষাৰ ইউ টিউব চেনেল ১০ লাখে প্রত্যক্ষ কৰিছে যদিও ৮-৯ হাজাৰ ছাত্র-ছাত্রীয়েহে ডাউনল’ড কৰিছে৷ লকডাউনৰ সময়ত একাংশ ছাত্র-ছাত্রীৰ পঢ়াৰ প্রতি ধাউতি কমি যোৱাৰ আশংকা প্রকাশ কৰিছে ছেবাৰ অধ্যক্ষগৰাকীয়ে