বোকাখাতৰ জাপৰি পথাৰৰ ডিফলু নদীৰ পাৰত এটা বুঢ়া গঁড়ৰ মৃত্যু : খৰ্গ সংগ্ৰহ বনকৰ্মীৰ :

 

Aiidesh News : 15 November 2023 : 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ়্যানৰ কঁহৰা বনাঞ্চল ১৫ নবেম্বৰৰ পুৱা বন্যপ্ৰাণী অহা যোৱা কৰা এটা দ’ নলাত আৱদ্ধ হৈ এটা বুঢ়া গঁড়ৰ মৃত্যু হয় ৷ জানিব পৰা মতে কঁহৰা বনাঞ্চলৰ নাহৰকাঠনি আৰু মিকিৰজান বন শিৱিৰৰ মাজৰ নাহৰকাঠনি টঙীৰ সমীপতে ডিফলু নদীৰ পাৰত আৰু বনাঞ্চলৰ সীমাতে ডিফলু নদীলৈ পানী খাবলৈ বন্যপ্ৰানী অহা যোৱা কৰি দ’ হৈ পৰা এটা নলাত আৱদ্ধ হৈ পৰে এই মতা বুঢ়া গঁড়টো ৷ ১৫ নবেম্বৰৰ পুৱা নদীত গা ধুবলৈ যোৱা জাপৰিপথাৰ গাওঁৰ লোকে নলাত আৱদ্ধ হৈ চটফটাই থকা গঁড়টো প্ৰত্যক্ষ কৰি বন বিভাগক অৱগত কৰে ৷ বন বিভাগৰ লোক গৈ ঘটনাস্থলীত উপস্থিত হৈ গঁড়টো উদ্ধাৰৰ চেষ্টা কৰাৰ আগতেই প্ৰাণ ত্যাগ কৰে বুঢ়া গঁড়টোয়ে ৷ পিচত মৃত গঁড়টোৰ শৰীৰৰ পৰা খৰ্গটো সংগ্ৰহ কৰে বনকৰ্মীয়ে ৷ উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ানৰ কঁহৰা বনাঞ্চলৰ নাহৰকাঠনি আৰু মিকিৰজান বনাঞ্চল এলেকাত পৰিচিত এই বুঢা গঁড়টোয়ে ইয়াৰ আগতে পাৰস্পৰিক যুঁজা বা অন্য কাৰণত এটা ভৰিত আঘাত পাইছিল যদিও বনাঞ্চলত চলা ফুৰা কৰি আছিল ৷ ১৫ নবেম্বৰৰ পুৱা বেলাতে উল্লেখিত দণ্ডিৰে পানী খাবলৈ অহা বুঢ়া গঁড়টোয়ে নলাৰ পৰা উঠিব নোৱাৰি মৃত্যুক সৱতি লয় ৷ 

*************