সাহিত্য সভাৰ উদ্যোগত বোকাখাতত প্ৰেৰণাময়ী অন্নদা শইকীয়াৰ স্মৃতিচাৰণ সভা : মৰোনোত্তৰ ভাৱে মহেন্দ্র নাথ হাজৰিকা সোঁৱৰণী শিক্ষা সাহিত্য ন্যাস বঁটা :

সাহিত্য সভাৰ উদ্যোগত বোকাখাতত প্ৰেৰণাময়ী অন্নদা শইকীয়াৰ স্মৃতিচাৰণ সভা  : মৰোনোত্তৰ ভাৱে মহেন্দ্র নাথ হাজৰিকা সোঁৱৰণী শিক্ষা সাহিত্য ন্যাস বঁটা  :
Aiidesh Photo

Aiidesh News  : 4th September  :

গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰথম গৰাকী মহিলা সভানেত্রী তথা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্রী অৱসৰ প্ৰাপ্ত অধ্যাপক প্ৰেৰণাময়ী উপাধিৰে বিভুষিতা বোকাখাতৰ প্ৰয়াত অন্নদা শইকীয়াৰ  এখন স্মৃতি চাৰণ সভা আজি বোকাখাতৰ পুৱতি সাহিত্য সভাত অনুষ্ঠিত হয় ৷ গোলাঘাট জিলা সাহিত্য সভা আৰু বোকাখাতৰ পুৱতি সাহিত্য সভাৰ উদ্যোগত আয়োজিত এই সভাত প্ৰয়াত অন্নদা শইকীয়াক মৰণোত্তৰ ভাবে গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত মহেন্দ্র নাথ হাজৰিকা সোঁৱৰণী শিক্ষা সাহিত্য ন্যাস বঁটা ২০২২ প্ৰদান কৰা হয় ৷ অন্নদা শইকীয়াৰ জেষ্ঠ পুত্ৰ গোপিকানন্দ শইকীয়াই আনুষ্ঠানিক ভাৱে মাতৃৰহৈ এই বঁটা গ্ৰহন কৰে ৷

আজিৰ এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত পুৱা নাম প্ৰসংগ অনুষ্ঠিত কৰা হয় । অন্নদা শইকীয়াৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰে জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক গুণধৰ বৰাই । বন্তি প্ৰজ্বলন কৰে পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈ, প্ৰাক্তন সভাপতি ক্ৰমে যোগেন্দ্ৰনাথ শৰ্মা, নিজৰা বৰঠাকুৰ আৰু কল্পনা চেতিয়াই । স্মৃতি তৰ্পণ কৰে চিদানন্দ শিকীয়া ন্যাস পৰিচালনা সমিতিৰ সভাপতি গোপীকানন্দ শইকীয়া, হৰিবোলা কালিন্দী, আনিচুৰ ৰহমান, মিনতি দলে, লীলানাথ শৰ্মা, বিনন্দ বৰুৱা, ধনীৰাম লইং, অমৰ শৰ্মা, মুহিৰাম লইং, ভদ্ৰেশ্বৰ চেতিয়া, অনুপ শৰ্মা তামুলী আৰু অনুৰাধা বৰদলৈয়ে ।

জিলা সাহিত্য সভাৰ সভাপতি পৱিত্ৰ বৰবৰাৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতি চাৰণ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মহকুমাধিপতি ডা° নেহা যাদৱ, বিশিষ্ট সাংবাদিক ভৱেশ শইকীয়া, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বিষয় ববীয়া দিগন্ত কুমাৰ ভূঞা, সন্ধানী লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী পুতলী খাউন্দ, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈ, মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্ত, চুতীয়া জাতি মহিলা সমিতিৰ সভানেত্ৰী চন্দ্ৰপ্ৰভা শইকীয়া, ইমজাৰ সভাপতি প্ৰদীপ বৰা, কাজিৰঙা নিউজ নেটৱৰ্কৰ অধ্যক্ষ বদন দুৱৰা, মহকুমা সাংবাদিক সংস্থাৰ সম্পাদক নীলু আচাৰ্য, পুৰঞ্জয় গোস্বামী আৰু তফজ্জুল হক বৰবৰা । অনুষ্ঠানৰ আঁত ধৰে পুৱতি সাহিত্য সভাৰ সম্পাদিকা গীতাঞ্জলি কলিতাই ।

একেদৰে প্ৰয়াত অন্নদা শইকীয়া লৈ আগ বঢ়োৱা পূৰ্ব ঘোষিত মহেন্দ্ৰনাথ হাজৰিকা সোঁৱৰণী শিক্ষা আৰু সাহিত্য ন্যাস বঁটা প্ৰদান অনুষ্ঠানৰ আঁত ধৰে গোলাঘাট জিলা সাহিত্য সভাৰ সম্পাদক বন্তি বৰাই ।

*******