বোকাখাতত প্ৰয়াত ভরেশ শইকীয়াৰ ৯৬ সংখ্যক জন্ম দিৱস আৰু এইদেশ বঁটা প্ৰদান : জেষ্ঠ সাংবাদিক মহেশ আগ্ৰৱলাক শ্ৰেষ্ঠ সাংবাদিক আৰু পক্ষী নিৰীক্ষক কাজিৰঙাৰ ৰফিকুল ইচলামক ২০২৪ চনৰ এইদেশ বঁটা প্ৰদান :
Aiidesh News : 17January -2025 :
বোকাখাত পুৱতি সাহিত্য সভা, বোকাখাত প্ৰেছ ক্লাব, বোকাখাত মহকুমা সাংবাদিক সংস্থা, সন্ধানী লেখিকা সমাৰোহ সমিতি, বোকাখাত নাট্য মন্দিৰ, ইলেকট্ৰনিক মেডিয়া জাৰ্ণেৰ্লিষ্ট এচ'ছিয়েচন (ইমজা), কাজিৰঙা নিউজ নেটৱৰ্ক,আসাম প্ৰেছ ক'ৰেছপণ্ডেন্টছ,(আপকু)গোলাঘাট জিলা সমিতি, ৰাইজৰ খবৰ আৰু এইদেশ সংবাদৰ উদ্যোগত জনতাৰ প্ৰহৰী ভবেশ শইকীয়া ৯৬ সংখ্যক জন্ম দিৱস আৰু ভৱেশ স্মাৰক "এইদেশ বঁটা প্ৰদান" অনুষ্ঠান ১৬ জানুৱাৰীত বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত হয় । বোকাখাতৰ বিশিষ্ট সাংবাদিক, সাহিত্যিক পেঞ্চনাৰ তথা আপকু নামৰ সাংবাদ্ক সংগঠনৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত ভৱেশ শইকীয়াৰ ৯৬ সংখ্যক জন্ম দিৱস আৰু এই দিৱসৰ লগত সংগতি ৰাখি আয়োজিত ভৱেশ শইকীয়া স্মাৰক ২০২৪ চনৰ এইদেশ বঁটা প্ৰদানৰ বাবে আয়োজিত এই অনুষ্ঠানত ভৱেশ শইকীয়াৰ প্রতিছবিত বন্তি প্রজ্বলন কৰে তেখেতৰ পৰিবাৰ চন্দ্রপ্রভা শইকীয়াই , ভৱেশ শইকীয়াৰ প্রতিছবিত প্রতিছবিত মাল্য তর্পণ কৰে ভাৰত গৌৰৱ বঁটা প্রাপক, বোকাখাতৰ মহাবীৰ প্ৰসাদ আগ্রৱালই ৷
স্মৃতি তর্পণ কৰে চিদানন্দ শইকীয়া ন্যাস পৰিচালনা সমিতিৰ সভাপতি গোপিকানন্দ শইকীয়া, পুৱতি সাহিত্য সভা, বোকাখাত ৰ সভাপতি অপূর্ব বৰদলৈ, সন্ধানী লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী পুতলী খাউণ্ড, বোকাখাত নাট্য মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি দিলীপ শইকীয়া, জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি চৈয়দ আনিচুৰ ৰহমান, সাহিত্যিক পেঞ্চনাৰ নিজৰা বৰঠাকুৰ, করুণাধাৰাৰ বোকাখাত সমিতিৰ সভাপতি ৰাজেন্দ্ৰ নিমোদিয়া, চাহ জনগোষ্ঠী সাহিত্য সভাৰ বোকাখাতৰ সভাপতি ৰাজু ৰাজোৱাৰ আৰু কবি সম্মিলনৰ গোলাঘাট জিলাৰ সভাপতি অমৰ শৰ্মাই ৷
পৰৱৰ্তী সময়ত অপূৰ্ব বৰদলৈৰ পৌৰহিত্যত অনুষ্ঠিত জন্মদিৱস আৰু বঁটা বিতৰণী সভাত অসম গৌৰৱ তথা অৱসৰ প্ৰাপ্ত বন বিষয়া ধৰণীধৰ বড়ো, কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষ, অসম ৰাজ্যিক সাংবাদিক সন্থা সভাপতি জিতু শৰ্মা ৰাজখোৱা, লেখিকা সমাৰোহ সমিতি, অসমৰ সভাপতি সুবর্ণ শইকীয়া বৰদলৈ, অৱসৰ প্ৰাপ্ত বন বিষয়া চিত্তৰঞ্জন ভোৱৰা, আপকু কেন্দ্রীয় সমিতিৰ সম্পাদক প্ৰনৱ চক্ৰৱৰ্তী, আৰু বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা উপস্থিত থাকে ৷ বিশিষ্ট কণ্ঠ শিল্পী ৰূপা হাজৰিকাৰ বৰগীতেৰে আৰম্ভ হোৱা এই অনুষ্ঠানৰ আঁত ধৰে পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতাই ৷ সভাত বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়াই আদৰণী ভাষণ দিয়াৰ বিপৰীতে বিশিষ্ট সাহিত্যিক কল্পনা চেতীয়া আৰু ধৰণীধৰ বড়োয়ে নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে ৷ অনুষ্ঠানতে প্ৰয়াত ভৱেশ শইকীয়াৰ সোঁৱৰণীত এইদেশ সংবাদ গোষ্ঠীয়ে প্ৰদান কৰি অহা ভৱেশ শইকীয়া স্মাৰক ২০২৪ বৰ্ষৰ এইদেশ বঁটা প্রদান কৰা হয় ৷ ২০২৪ বৰ্ষৰ প্ৰয়াত ভৱেশ শইকীয়া স্মাৰক এইদেশ শ্ৰেষ্ঠ সাংবাদিক বঁটা বোকাখাতৰ জেষ্ঠ সাংবাদিক মহেশ আগ্ৰৱালক প্ৰদান কৰা হয় ৷ বঁটা প্ৰদান কৰে কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষে ৷ একেদৰে প্ৰয়াত ভৱেশ শইকীয়া স্মাৰক এইদেশ শ্ৰেষ্ঠ যুৱ উদ্যমী বঁটা প্ৰদান কৰা হয় কাজিৰঙাৰ পৰিবেশ কৰ্মী তথা জেষ্ঠ পক্ষী নিৰীক্ষক ৰফিকুল ইচলামক ৷ ৰফিকুল ইছলামৰ অনুপস্থিতিত তেওঁ পৰিবাৰৰ মুনমী বেগমক বঁটা প্ৰদান কৰে অসম গৌৰৱ ধৰণীধৰ বড়োয়ে ৷ দুয়োকে এইদেশ সংবাদৰ তৰফৰ পৰা গামোছা, চেলেং চাদৰ, স্মাৰক বঁটাৰ লগতে দহ হেজাৰকৈ টকাৰ চেকো প্ৰদান কৰা হয় ৷
**********