বোকাখাত মহকুমাৰ বিহৰা চাহ বাগিছাৰ ১২ নম্বৰ লাইনত ধনশিৰি নদীত এজন কিশোৰৰ সলিল সমাধি

Village boy drowned in Dhansiri River in Bihora Tea Estate, Bokakhat ( Assam )

সমগ্ৰ দেশতে লক ডাউন চলি থকাৰ মাজতে আজি বোকাখাত মহকুমাৰ বিহৰা চাহ বাগিচাৰ ১২ নম্বৰ লাইনৰ সমীপৰ ধনশিৰি নদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটে এজন কিশোৰৰ ৷ কিশোৰ জন সমীপৰে কুঁহিয়াৰ বাৰী গাওঁৰ ৰাজু তাঁতীৰ পুত্ৰ অজিত তাঁতী বুলি জানিব পৰা গৈছে ৷ আন সাত জন বন্ধুৰ লগত ধনশিৰি নদীত গা ধুবলৈ গৈ পানীৰ বুকুত নিখোজ হয় অজিত তাঁতী ৷ নদীৰ পানীত নামি গা ধুবলৈ যোৱা অজিত তাঁতী পানী বুৰ গৈ ওলায় নহাত  লগৰ কিশোৰ  সকলে অজিতক উদ্ধাৰৰ চেষ্টা চলায়ো বিফল হয় ৷ ঘটনাৰ সন্দৰ্ভত তেওঁলোকে গৈ ঘৰত খবৰ  দিয়াত অজিতৰ সন্ধানত ধনশিৰি নদীৰ বুকুত স্থানীয় লোকে অভিযান আৰম্ভ কৰে ৷ ইফালে বোকাখাত আৰক্ষীৰ লগতে গোলাঘাটৰ পৰা অহা এছ ডি আৰ এফ বাহিনীৰ ডুবাৰুয়ে চলোৱা অভিযানত ধনশিৰি নদীৰ বুকুৰ পৰা অজিত তাঁতীৰ নিঠৰ দেহ উদ্ধাৰ কৰা হয় ৷ ঘটনাস্থলীত উদ্ধাৰ অভিযান প্ৰত্যক্ষ কৰাৰ বাবে সমবেত হয় অগনন লোক ৷ উদ্ধাৰৰ পাচত মৃতদেহ মৰোনোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰা হয় ৷

Village boy drowned in Dhansiri River

Village boy drowned in Dhansiri River