চোৰাংচিকাৰীৰ স্বীকাৰোক্তিৰ আধাৰত আৰক্ষীৰ অভিযান : গঁড় হত্যাত ব্যৱহৃত ৩৹৩ ৰাইফল আৰু ১০ জাঁই সজীৱ গুলী উদ্ধাৰ :

চোৰাংচিকাৰীৰ স্বীকাৰোক্তিৰ আধাৰত আৰক্ষীৰ অভিযান : গঁড় হত্যাত ব্যৱহৃত ৩৹৩ ৰাইফল আৰু ১০ জাঁই সজীৱ গুলী উদ্ধাৰ :
Photo : Uttam Saikia

AIIDESH NEWS. 11 July : 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলিৰ ডোৰামাৰী বিলৰ পাৰত যোৱা ৯ মে'ত হোৱা গঁড় হত্যাত জড়িত চোৰাংচিকাৰী দলক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল কাৰ্বি আংলং আৰু গোলাঘাট জিলাৰ আৰক্ষী ৷ অলপতে মনিপুৰৰ চুড়াচান্দ পুৰৰ এক বস্তিৰ পৰা বোকাখাত আৰক্ষীয়ে কৰায়ত্ব কৰিছিল কাজিৰঙাৰ গঁড় হত্যাৰ অন্যতম মাষ্টাৰ মাইণ্ড চিনজাচন ভাল্টেক ৷ চিনজাচন ভাল্টে আৰু পুৰ্বেই কৰায়ত্ব কৰা চাইমন লাৰকা নামৰ দূৰ্ধষ চোৰাং চিকাৰীৰ স্বীকাৰোক্তিৰ আধাৰত যোৱা নিশা চলোৱা এক অভিযানত বোকাখাত আৰক্ষীৰ দলে এটা ৩০৩ ৰাইফল , এটা মেগজিন আৰু ১০ জাঁই সজীৱ গুলী উদ্ধাৰ কৰে ।  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ হালধিবাৰী বনশিবিৰ এলেকাৰ সমীপৰ এখন চেগুন বাগানত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে গঁড় হত্যাত ব্যৱহৃত এই মাৰণাস্ত্ৰ । গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক এছ পানেশ্বৰৰ তত্বাৱধানত  বোকাখাতৰ  মহকুমা আৰক্ষী বিষয়া পৃথ্বীৰাজ ৰাজখোৱা আৰু কহঁৰা আৰক্ষী চকীৰ ভাৰ প্ৰাপ্ত বিষয়া দেৱেন বৰাৰ নেতৃত্ব এই অভিযান চলোৱা হয় ৷