কাজিৰঙাৰ অগৰাতলীত মেটেকাৰ আঁহৰ কাপোৰ আৰু কাগজ নিৰ্মানৰ প্ৰশিক্ষণ : উপকৃত হৈছে স্থানীয় যুৱক যুৱতী :

কাজিৰঙাৰ অগৰাতলীত মেটেকাৰ আঁহৰ কাপোৰ আৰু কাগজ নিৰ্মানৰ প্ৰশিক্ষণ : উপকৃত হৈছে স্থানীয় যুৱক যুৱতী  :
Aiidesh photo
কাজিৰঙাৰ অগৰাতলীত মেটেকাৰ আঁহৰ কাপোৰ আৰু কাগজ নিৰ্মানৰ প্ৰশিক্ষণ : উপকৃত হৈছে স্থানীয় যুৱক যুৱতী  :
কাজিৰঙাৰ অগৰাতলীত মেটেকাৰ আঁহৰ কাপোৰ আৰু কাগজ নিৰ্মানৰ প্ৰশিক্ষণ : উপকৃত হৈছে স্থানীয় যুৱক যুৱতী  :

Aiidesh News : 19 November - 2025 : 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ অগৰাতলী আয়োজিত তিনিদিনীয়া মেটেকা আঁহৰ কাপোৰ বোৱা প্ৰশিক্ষণৰ সামৰণী পৰে । ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলী বনাঞ্চলৰ সমুহীয়া গৃহত আয়োজিত এই প্ৰশিক্ষণত স্থানীয় ৩০ গৰাকী মহিলাই প্ৰশিক্ষণ গ্ৰহন কৰে। অগৰাতলী আৰু কান্ধুলিমাৰী পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ বিশেষ সহযোগিতাত অনুষ্ঠিত এই প্ৰশিক্ষণ কৰ্মশালাত নগাওঁৰ মুখ্য প্ৰশিক্ষক অচিন্ত শৰ্মাৰ তত্বাৱধানত কবিতা ৰাভা আৰু ৰীতা দাসে মহিলা সকলক মেটকাৰ আঁহৰ পৰা কাপোৰ আৰু মেট আদি নিৰ্মান কৰিবলৈ শিকায় । কাজিৰঙাৰ ক্ষেত্ৰ সঞ্চালক ড০ সোনালী ঘোষৰ নেতৃত্বত অগৰাতলী বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰা, সঞ্চালকৰ কাৰ্যালয় অধীক্ষক গীতাঞ্জলি কলিতা আৰু গৱেষক সহযোগী বিপাঞ্চি তামুলীয়ে এই কৰ্মশালাটো পৰিচালনা কৰে । উল্লেখ্য যে বান অধ্যুষিত অগৰাতলী অঞ্চলত উপলব্ধ হোৱা থলুৱা মেটেকা সংগ্ৰহ কৰি বিশেষ ভাৱে আঁহ প্ৰস্তুত কৰি মহিলা সকলক মেটেকাৰ আঁহ ব’বলৈ প্ৰশিক্ষন প্ৰদান কৰা হয় । মন কৰিব লগীয়া যে অগৰাতলীৰ গ্ৰামাঞ্চলৰ জলাশয়ত পোৱা মেটেকা সংগ্ৰহ কৰি ইতিমধ্যেই গুৱাহাটীৰ কুম্ভীৰ কাগজ নামৰ এটা গোটৰ প্ৰশিক্ষক ৰূপাঙ্কৰ ভট্টচাৰ্যৰ সহযোগত মেটেকাৰ মণ্ডৰ পৰা হাতেৰে কাগজ বনোৱাৰো কাম কৰি আছে উদ্যান কৰ্তৃপক্ষই । ইয়াৰ বাবেও পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ সহযোগত স্থানীয় লোকে নিৰ্মান কৰিছে এই মেটেকাৰ কাগজ বনাইছে কাজিৰঙাৰ কৰ্তৃপক্ষই । কাজিৰঙা কাষৰীয় জনসাধাৰণে বনোৱা এই মেটেকাৰ কাগজে ইতিমধ্যেই জনপ্ৰিয়তা লাভ কৰিছে । মেটেকাৰ কাগজৰ পিচত স্থানীয় মহিলাই নিৰ্মান কৰা মেটেকাৰ কাপোৰ , কঠ , মেট আদিয়েও জনপ্ৰিয়তা লাভ কৰাৰ লগতে স্থানীয় মহিলা সকল আৰ্থিক ভাৱে স্বাৱলম্বী হ’ব বুলি আশাবাদী কাজিৰঙাৰ কৰ্তৃপক্ষ ।

**********