আত্মগোপনকাৰী জামাতীৰ বিৰুদ্ধে ৰুজু হ’ব ফৌজদাৰী গোচৰ- মন্ত্রী হিমন্ত বিশ্ব

আত্মগোপনকাৰী জামাতীৰ বিৰুদ্ধে ৰুজু হ’ব ফৌজদাৰী গোচৰ- মন্ত্রী হিমন্ত বিশ্ব

কৰ’না ভাইৰাছে ক্রমাৎ অসমতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ ৰাজ্যত এইপর্যন্ত কভিড-১৯ত আক্রান্ত লোকৰ সংখ্যা ২৬জনলৈ বৃদ্ধি পাইছে৷ আনহাতে গুৱাহাটীত প্রথমজন এই ৰোগত আক্রান্ত ৰোগীৰ পত্নী এইপর্যন্ত আক্রান্ত হোৱা নাই৷ কিন্তু লোকজনৰ শৰীৰত ৰোগ ধৰা পৰাৰ পাছতে প্রথমে বিলাসী স্পেনিছ গার্ডেন ছীল কৰি দিয়া হৈছিল যদিও আজি লোকজনে তিনিদিনকৈ চিকিৎসা কৰা মহানগৰীৰ মিডলেণ্ড হস্পিটেল ছীল কৰি দিয়া হয়৷

লগতে চিকিৎসালয়খনৰ চিকিৎসক, নার্ছ, ৰিচেপশ্যনিষ্টকে ধৰি ৬জনক কুৱাৰেণ্টাইন কৰা হৈছে৷ আনহাতে কেৱল গুৱাহাটী মহানগৰীত কৰ’না ৰোগীক চিকিৎসা কৰাসকলেই নহয়, গোৱালপাৰা জিলাত কর্মৰত চিকিৎসক আৰু চিকিৎসা কর্মীসকলকো মহানগৰীৰ বিলাসী পঞ্চতাৰকাযুক্ত হোটেল তাজ ভিভাণ্টাত কুৱাৰেণ্টাইন কৰা হ’ব৷

উল্লেখযোগ্য যে যোৱানিশা কাছাৰ জিলাৰ শিলচৰৰ ৰাণীঘাটৰ বাসিন্দা চজিবুৰ ৰহমান (৫৭) কৰ’না ৰোগত আক্রান্ত হোৱাটো নিশ্চিত হয়৷ নিশাই এই কথা স্বাস্থ্য মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰে৷ বি এছ এফৰ প্রাক্তন জোৱান ৰহমানে ২০০৭ চনত চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰিছিল৷ তেওঁ নিজামুদ্দিনৰ তবলিগী জামাতত অংশগ্রহণ কৰি যোৱা ১৯ মার্চত ঘৰলৈ ঘূৰি আহিছিল৷

যোৱা ২ এপ্রিলত অসুস্থ হৈ পৰা ৰহমানক শিলচৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন কৰা হৈছিল আৰু লগে লগে তেওঁৰ তেজৰ নমুনা সংগ্রহ কৰা হৈছিল৷ যোৱানিশা তেওঁৰ তেজৰ নমুনাৰ ফলাফল আহে৷ তেওঁকে ধৰি এইপর্যন্ত অসমত কৰ’না ৰোগত আক্রান্ত লোকৰ সংখ্যা ২৬জনলৈ বৃদ্ধি পায়৷ আক্রান্তসকলৰ ভিতৰত ২৫জনৰে দিল্লীৰ নিজামুদ্দিনৰ জামাতৰ সৈতে সম্পর্ক থকা৷

আনহাতে আজি সন্ধিয়া পর্যন্ত কৰ’নাত আক্রান্তৰ সংখ্যা বৃদ্ধি নোপোৱাত সাময়িক সকাহ হিচাপে পৰিগণিত হৈছে৷ ইফালে গুৱাহাটীত কৰ’নাত আক্রান্ত প্রথমজন নিজামুদ্দিন মার্কাজৰ সৈতে সম্পর্ক নথকা ব্যক্তি মনীষ তিব্রেৱালৰ পত্নী এই ৰোগত আক্রান্ত হোৱা নাই৷ তেওঁৰ সৈতে ঘনিষ্ঠ সম্পর্কলৈ অহা ৩৬জন লোকৰ তেজৰ নমুনা ইতিমধ্যে পৰীক্ষা সম্পূর্ণ হৈছে৷ ইয়াৰে ৩৪জনক সম্পূর্ণ বিপদমুক্ত হিচাপে ঘোষণা কৰা হৈছে৷

কিন্তু ৩জন লোক এতিয়াও বিপদমুক্ত নোহোৱাত তেওঁলোকক কুৱাৰেণ্টাইনত ৰখা হৈছে৷ ইফালে মনীষ তিব্রেৱালে চিকিৎসা কৰিবলৈ যোৱা মহানগৰীৰ মিডলেণ্ড হস্পিটেল আজি ছীল কৰি দিয়া হয়৷ এজমা ৰোগী তিব্রেৱালে যোৱা ১২, ১৩, ১৪ মার্চত তিনিদিনত ছবাৰ হস্পিটেলখনত নিবুলাইজ কৰিছিল৷ তেওঁক পৰীক্ষা কৰা চিকিৎসকৰ পৰা নার্ছ, ৰিচেপশ্যনিষ্টসহ মুঠ ৬জনক ইতিমধ্যে কুৱাৰেণ্টাইন কৰা হৈছে৷

সকলোৰে তেজৰ নমুনা পৰীক্ষা কৰা হৈছে যদিও তাৰে তিনিজনৰ পৰীক্ষাৰ ফলাফলত নিগেটিভ আহিছে৷ অৱশ্যে এতিয়াও তিনিজনৰ ফলাফল লাভ কৰিবলৈ বাকী আছে৷ চিকিৎসালয়খন ছীল কৰি ছেনিটাইজ কৰাৰ ব্যৱস্থা কৰা হৈছে৷ উল্লেখযোগ্য যে মনীষ তিব্রেৱালে ইয়াৰ এপল’ হস্পিটেল আৰু দিছপুৰ হস্পিটেলতো পৰৱর্তী পর্যায়ত চিকিৎসা গ্রহণ কৰিবলৈ গৈছিল৷ সেয়ে এতিয়া দুখন চিকিৎসালয়ৰ ক্ষেত্রতো প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে বুলি জানিব পৰা গৈছে৷

আনহাতে গোৱালপাৰা জিলাত কর্মৰত চিকিৎসক, নার্ছকে ধৰি সকলো চিকিৎসা কর্মীক গুৱাহাটীত কর্মৰতসকলৰ দৰে হোটেল তাজ ভিভাণ্টাত কুৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা বুলি আজি মন্ত্রী হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰে৷