১০ মে'ৰ পৰা তিনিদিনীয়া কাৰ্যসুচীৰে বোকাখাতৰ গড়মুৰ হাইস্কুলৰ খেল পথাৰত অনুষ্ঠিত হ'ব পুৱ বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱৰ :

১০ মে'ৰ পৰা তিনিদিনীয়া কাৰ্যসুচীৰে বোকাখাতৰ গড়মুৰ হাইস্কুলৰ খেল পথাৰত অনুষ্ঠিত হ'ব পুৱ বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱৰ :
Aiidesh photo

Aiidesh News : 28 April - 2026 :

অহা ১০, ১১ আৰু ১২ মে'ত তিনিদিনীয়া কাৰ্যসুচীৰে বোকাখাতৰ গড়মুৰ হাইস্কুলৰ খেল পথাৰত অনুষ্ঠিত হ'ব ত্ৰয়োবিংশতিতম পুৱ বোকাখাত কেন্দ্ৰীয় বসন্ত উৎসৱৰ । এই উপলক্ষে আয়োজিত কাৰ্যৰ্সুচী মতে ১০ মে’ৰ পুৱা বসন্ত উৎসব উদযাপন সমিতিৰ সভাপতি অতুল বৰা আৰু স্থায়ী সমিতিৰ সভাপতি হৰিবোলা কালিন্দীয়ে পতাকা উত্তোলন কৰাৰ পিচত পূব বোকাখাত কেন্দ্রীয় উদ্‌যাপন সমিতিৰ সম্পাদক ৰোমান বৰুৱা আৰু স্থায়ী সমিতি সম্পাদক পৰাগ শইকীয়া বিহুতলীত স্মৃতি তর্পণ তৰ্পণ কৰিব। ইয়াৰ পিচতেই কোষাধ্যক্ষ ৰমেন বৰা আৰু বিশিষ্ট সাংস্কৃতিক সংগঠক গীতাঞ্জলি কলিতাই বৃক্ষ ৰোপন কৰিব। 

পৰৱৰ্তী সময়ত বোকাখাতৰ বিশিষ্ট সমাজকর্মী জগত কলিতাই  সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰিব। বিয়লিলৈ মহিলাসকলৰ মাজত খেল ধেমালী অনুষ্ঠিত হ'ব আৰু এই কাৰ্যসুচী উদ্বোধন কৰিব বোকাখাতৰ বিশিষ্ট চিকিৎসক আৰু ক্রীড়া সংগঠক ডা০ পুলিন বৰকটকীয়ে। সন্ধ্যালৈ সদৌ অসম ভিত্তিত জেং বিহ, সৰু বিহুৱতী আৰু  সদৌ অসম ভিত্তিত বসন্ত ৰাণী বৰ বিহুৱতী প্রতিযোগিতা অনুষ্ঠিত হ'ব। প্রতিযোগিতাৰ মঞ্চ উদ্বোধন কৰিব  বোকাখাত পৌৰসভাৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱাই। অনুষ্ঠানত উপস্থিত থাকিব  বোকাখাত সমজিলাৰ অতিৰিক্ত আয়ুক্ত দেবাহুতি ডেকা। 

দ্বিতীয় দিনা পুৱা স্বচ্ছতাৰ অভিযান আৰু ছাত্র-ছাত্রীসকলৰ মাজত চিত্রাংকণ প্রতিযোগিতা অনুষ্ঠিত হ'ব। দুপৰীয়ালৈ অনুষ্ঠিত হ'ব গোলাঘাট জিলা ভিত্তিত প্রাইজমানি কুইজ প্রতিযোগিতা আৰু বিয়লিলৈ একক আৰু দলীয় সৃষ্টিশীল নৃত্য প্রতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতা উদ্বোধন কৰিব বিশিষ্ট সমাজকর্মী প্রণৱ চেতীয়াই । সন্ধ্যালৈ নিমন্ত্ৰিত আৰু স্থানীয় শিল্পীৰ দ্বাৰা পৰিৱেশিত সাংস্কৃতিক সন্ধ্যা উন্মোচন কৰিব স্থানীয় জে ডি এছ জি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ জয়ন্ত গগৈ আৰু বিশিষ্ট অতিথি হিচাবে থাকিব কাজিৰঙা চৰকাৰী আদর্শ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিজয় শর্মাৰ উপৰিও নেত্ৰকাই খ্যাত জনপ্ৰিয় অভিনেতা আৰু জনপ্ৰিয় কন্ঠশিল্পী প্ৰানদ্বীপে সংগীত পৰিবেশন কৰিব বুলি উদযাপন সমিতিৰ মুখ্য সম্পাদক ৰোমান বৰুৱা আৰু সম্পাদক পংকজ গগৈয়ে জনাইছে । ইফালে ১২ মে’ৰ অন্তিম দিনা পুৱাৰ স্বচ্চতা অভিযানৰ পিচত বিয়লিলা বিভিন্ন বঁটা প্ৰদান কৰা দাতাৰ পৰিয়াল আৰু  স্থানীয় বয়োজ্যেষ্ঠ শিল্পীসকলক সম্বৰ্ধনা জনোৱা হ’ব। কেন্দ্ৰীয় বসন্ত উৎসৱৰ লগতে বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হ'ব । 

*******