জুল’জিকেল চাৰ্ভে অৱ ইণ্ডিয়াৰ উদ্যোগত চিলংত ভাৰতৰ বাদুলিৰ শেষতীয়া অৱস্থিতিৰ ২০২৪-২৫ বৰ্ষৰ প্ৰতিবেদন উন্মোচন :
Aiidesh News : 25 March-2026 :
চিলংত থকা ভাৰতীয় প্রাণীবিজ্ঞান সমীক্ষা বা জুল’জিকেল চাৰ্ভে অৱ ইণ্ডিয়াৰ উত্তৰ পূব আঞ্চলিক কেন্দ্ৰই নেচাৰ কনজাৰ্ভেচন ফাইণ্ডেচন আৰু বাট কনজাৰ্ভেচন ইন্টাৰনেচনেলৰ সহযোগিতাত “ভাৰতত বাদুলিৰ অৱস্থিতিৰ ২০২৪-২৫ বৰ্ষৰ বিভাগীয় প্ৰতিবেদন উন্মোচন কৰা হয় । এই প্ৰতিবেদন দেশৰ ২৭ টা সংগঠনৰ ৩৪ জন বাদুলি গৱেষকৰ যৌথ প্ৰচেষ্টাৰ ফল । অনুষ্ঠানত গৱেষক, নীতি নিৰ্ধাৰক, বন বিভাগৰ কৰ্মচাৰী, শিক্ষাবিদ, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় সমাজৰ সদস্যসকলৰ উপৰিও ৰিছা কলনীৰ ৰংবাহ শ্নংও উপস্থিত আছিল ।
কেন্দ্ৰটোৰ সভাগৃহত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল মেঘালয়ৰ ৰাজ্যপালৰ মুখ্য সচিব হৰিশ চন্দ্ৰ চৌধুৰী । অতিথি হিচাপে উপস্থিত আছিল চিলংৰ বন আৰু পৰিৱেশ মন্ত্রালয়ৰ উপ-মহানিৰ্দেশক স্মতি এল. জে. সিয়েমিং আৰু বিশেষ অতিথি হিচাপে উপস্থিত আছিল চিলংৰ মাৰ্টিন লুথাৰ খ্ৰীষ্টিয়ান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ আশিহো এ. মাও ।
অনুষ্ঠানত কেন্দ্ৰৰ বিজ্ঞানী আৰু কেন্দ্ৰ তত্বাৱধায়ক জেনিফাৰ লিংদোহয়ে অনুষ্ঠানলৈ সকলোকে আদৰণী জনায় । অনুষ্ঠানতে ভাৰতত বাদুলিৰ অৱস্থিতিৰ ২০২৪-২৫ বৰ্ষৰ প্ৰতিবেদন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় । নেচাৰ কনজাৰ্ভেচন ফাইণ্ডেচন আৰু বাট কনজাৰ্ভেচন ইন্টাৰনেচনেলৰ হৈ ড০ ৰোহিত চক্রৱৰ্তী প্ৰতিবেদনৰ মূল বিষয়বস্তু উপস্থাপন কৰাৰ উপৰিও বাদুলিৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য, জ্ঞানৰ অভাৱ আৰু প্ৰমাণ-ভিত্তিক সংৰক্ষণৰ প্ৰয়োজনীয়তা বিষয়ে সকলোকে অৱগত কৰে । আমন্ত্ৰিত অতিথিসকলে বাদুলিৰ পৰিৱেশগত গুৰুত্ব আৰু সংৰক্ষণৰ তৎকালীন প্ৰয়োজনীয়তা বিষয়ে গুৰুত্ব দি বাখ্য়া দাঙি ধৰে । সকলোয়ে দেশজুৰি চলোৱা গৱেষক সকলৰ এই যৌথ প্ৰচেষ্টাক উচ্চ প্ৰশংসা কৰে। অনুষ্ঠানৰ শেষত কেন্দ্ৰৰ জেষ্ঠ বৈজ্ঞানিক তথা প্ৰতিবেদনৰ অন্যতম গৱেষক ড০ উত্তম শইকীয়াই অনুষ্ঠানত উপস্থিত থকাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে ।
*********



