আৰণ্যকৰ উদ্যোগত মানাহৰ পানবাৰীৰ পৰা মেঘালয়লৈ কৃষকৰ শিক্ষামুলক ভ্ৰমন :

আৰণ্যকৰ উদ্যোগত মানাহৰ পানবাৰীৰ পৰা মেঘালয়লৈ কৃষকৰ শিক্ষামুলক ভ্ৰমন  :
Aiidesh photo
আৰণ্যকৰ উদ্যোগত মানাহৰ পানবাৰীৰ পৰা মেঘালয়লৈ কৃষকৰ শিক্ষামুলক ভ্ৰমন  :
আৰণ্যকৰ উদ্যোগত মানাহৰ পানবাৰীৰ পৰা মেঘালয়লৈ কৃষকৰ শিক্ষামুলক ভ্ৰমন  :

আৰণ্যকৰ উদ্যোগত মানাহৰ পানবাৰীৰ পৰা মেঘালয়লৈ কৃষকৰ শিক্ষামুলক ভ্ৰমন 

Aiidesh News :  16 November  :

ৰাজ্যৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকৰ সংৰক্ষণ জীৱিকা বিভাগৰ উদ্যোগত চিৰাং জিলাৰ পানবাৰী অঞ্চলৰ পৰা পঁচিশজন প্ৰগতিশীল কৃষকক দুদিনৰ শিক্ষামুলক ভ্ৰমণৰ বাবে মেঘালয়ৰ উমলিংৰ গ্ৰাম্য সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰলৈ লৈ যোৱা হয় ৷ এই ভ্ৰমণকালত কৃষকসকলে দুয়োদিনেই শ্ৰেণীকোঠা আৰু ক্ষেত্ৰ অধ্যয়নেৰে প্ৰশিক্ষণ গ্ৰহন কৰে ।

এই দুয়োটা দিনত কৃষক সকলক সংমিশ্ৰিত কৃষি , মৌ পালন, কাঠফুলা উৎপাদন, মৎস পালন কুকুৰা পালন, দুগ্ধজাত সামগ্ৰী প্ৰস্তুত, গাহৰি পালন, কেচু সাৰৰ উৎপাদন আৰু গাহৰি পালন আদিৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় । নাবাৰ্ডৰ সহযোগত আৰণ্যকৰ সংৰক্ষণ জীৱিকা বিভাগে নাবাৰ্ডৰ কেপাচিটি বিল্ডিং ফৰ এডপচন অফ টেকনলজি নামৰ এক বিশেষ আঁচনিৰে এই শিক্ষামুলক ভ্ৰমনৰ ব্যৱস্থা কৰা হয় ৷ আৰণ্যকৰ হৈ সংৰক্ষণ জীৱিকা বিভাগৰ মানস কুমাৰ ভট্টাচাৰ্য, বিপুল দাস আৰু স্বপ্ন দাসে এই ভ্ৰমনত সমন্বয় হিচাবে অংশ গ্ৰহন কৰে ৷

*******