বোকাখাতৰ প্ৰবীন সাংবাদিক , শিক্ষাবিদ ভৱেশ শইকীয়ালৈ সদৌ অসম মইনা পাৰিজাতৰ শিশুবন্ধু উপাধি :

বোকাখাতৰ প্ৰবীন সাংবাদিক , শিক্ষাবিদ ভৱেশ শইকীয়ালৈ  সদৌ অসম মইনা পাৰিজাতৰ শিশুবন্ধু উপাধি  :
Photo : Uttam Saikia

বোকাখাতৰ প্ৰবীন সাংবাদিক , শিক্ষাবিদ ভৱেশ শইকীয়ালৈ  সদৌ অসম মইনা পাৰিজাতৰ শিশুবন্ধু উপাধি  : 


AIIDESH NEWS. 27 June : 


সদৌ অসম মইনা পাৰিজাতৰ ৬৬ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আজি ৰাজ্য বিভিন্ন জনলৈ আগবঢ়োৱা সন্মানীয়  উপাধিৰ লগতে বোকাখাতৰ বিশিষ্ট শিক্ষাবিদ , প্ৰৱীন সাংবাদিক ভৱেশ শইকীয়াক শিশুবন্ধু উপাধি প্ৰদান কৰিছে ৷ শিশুৰ শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশ ৰ লগতে মইনা পাৰিজাতৰ  প্রসাৰ আৰু প্রচাৰৰ বাবে আগবঢ়াই অহা অৱদানৰ বাবেই ৰাজ্যৰ ভালে কেইগৰাকী ব্যক্তিলৈ সদৌ অসম মইনা পাৰিজাতে ২০১৯ বর্ষৰ বাবে শিশু বন্ধু আৰু শিশুমহীয়ান উপাধি আগবঢ়াইছে ৷ সংগঠনটোয়ে আজি এই উপাধি প্রাপক সকলৰ নাম আনুষ্ঠানিক ভাৱে ঘোষণা কৰিছে ৷ ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে বোকাখাতৰ জেষ্ঠ নাগৰিক আৰু প্ৰৱীন সাংবাদিক ভৱেশ শইকীয়ালৈয়ো সদৌ অসম মইনা পাৰিজাতে ২০১৯ বৰ্ষৰ শিশুবন্ধু উপাধি আগবঢ়াইছে । ভৱেশ শইকীয়ালৈ আগবঢ়োৱা  এই স্বীকৃতিত বোকাখাত জিলা মইনা পাৰিজাতৰ লগতে বোকাখাতবাসীও  অতিশয় সুখী আৰু আনন্দিত হৈছে । বিভিন্ন দল সংগঠনৰ লগতে বোকাখাত জিলা মইনা পাৰিজাতেওঁ ভৱেশ শইকীয়ালৈ আভিনন্দন জ্ঞাপন কৰিছে । 
১৯৫৫ চনতেই প্ৰতিষ্ঠা হোৱা বোকাখাত মইনা পাৰিজাতৰ জন্ম লগ্নৰে পৰাই জড়িত ভৱেশ শইকীয়াই বিগত চাৰিটা দশকেই সংগঠনটোৰ সৈতে জড়িত হৈ বোকাখাত মইনা পাৰিজাতৰ স্থায়ীগৃহ আৰু বোকাখাতৰ শিশুগৃহ প্ৰতিষ্ঠা কৰিছিল ৷ এই শিশুগৃহই পাচলৈ বোকাখাতৰ অনাথ আশ্ৰম হৈছিল গৈ ৷ ১৯৫৫ চনত বোকাখাত মইনা পাৰিজাত গঠন হোৱাৰ সময়ত সদৌ অসম মইনা পাৰিজাত আৰু গোলাঘাট জিলা মইনা পাৰিজাতেই গঠন হোৱা নাছিল ৷ ১৯৫৮ চনত ডিব্ৰুগড়ত সদৌ অসম মইনা পাৰিজাত আৰু ইয়াৰ অধীনতে গোলাঘাট জিলা মইনা পাৰিজাত গঠন হয় ৷ গোলাঘাট জিলাৰ দ্বিতীয়জন সম্পাদক হিচাবে ভৱেশ শইকীয়াৰ দিনতে জিলাখনত আন্তৰ্জাতিক শিশু দিৱস পালন কৰা হৈছিল ৷ সম্প্ৰতি নব্বৈ বছৰোৰো উৰ্ধৰ প্ৰবীন সাংবাদিক ভৱেশ শইকীয়া আসাম প্ৰেছ কৰে'চপন্ডেন্ট ইউনিয়নৰ চমুকৈ আপকু আৰু বোকাখাত প্ৰেছ ক্লাবৰো প্ৰতিষ্ঠাপক সভাপতি আছিল ৷ সদৌ অসম মইনা পাৰিজাতৰ শিশুবন্ধু উপাধিৰ বাবে বোকাখাত প্ৰেছ ক্লাব , বোকাখাত মহকুমা সাংবাদিক সন্থা আৰু ইমজাৰ তৰফৰ পৰা ভৱেশ শইকীয়াক আজি  অভিনন্দন জনায় ৷