সংৰক্ষণৰ বিশেষ পদক্ষেপ : দুধৱা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত চাৰিটা গঁড়ক বনাঞ্চলত মুকলি :

সংৰক্ষণৰ বিশেষ পদক্ষেপ : দুধৱা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত চাৰিটা গঁড়ক বনাঞ্চলত মুকলি :
Photo - WWF India

Aiidesh News : 24 March -  2026 :  

বিগত দুটা দিনত চলোৱা এক বিশেষ অভিযানেৰে দুধৱা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ২৭ বৰ্গ কিলোমিটাৰৰ বোমাত আৱদ্ধহৈ থকা  চাৰিটা গঁড়ক সংৰক্ষণৰ বাবে বনাঞ্চলক উপযুক্ত ঘাঁহনি অঞ্চলত মুকলি কৰি দিয়া হয় । ইয়াৰ ফলত দুধৱাত এতিয়া মুক্তভাৱে বিচৰণ কৰা গঁড়ৰ সংখ্যা আঠটালৈ বৃদ্ধি হ’ল আৰু ইয়াৰ লগে লগেই  ভাৰতৰ তেৰাই অঞ্চলত গঁড় সংৰক্ষণ প্ৰচেষ্টাত ই এক ডাঙৰ পদক্ষেপ হিচাপে পৰিগনিত হ’ল । উল্লেখ্য যে অসমৰ পৱিতৰা অভয়াৰণ্যৰ পৰা ১৯৮৪ চনতেই প্ৰথমটো গঁড় নিয়া হৈছিল বুলি বিভাগীয় তথ্যত প্ৰকাশ ।  এই স্থানান্তৰ কৰণ কাৰ্যসূচী উত্তৰ প্ৰদেশৰ বন বিভাগৰ নেতৃত্বত বিশ্ব প্ৰকৃতি নিধি, ভাৰত, জ্যেষ্ঠ পশুচিকিৎসক, গঁড় বিশেষজ্ঞ আৰু বনকৰ্মীৰ সহায়ত সম্পন্ন কৰা হয় ।  

ইয়াৰ বাবে বোমাত থকা এটা মতা আৰু তিনিজনী মাইকী গঁড় (বয়স ১৫-২৫ বছৰৰ ভিতৰত) বাছনি কৰি বিশেষজ্ঞ দলৰ সহায়ত জেষ্ঠ পশু চিকিৎসক ডা০ কে.কে শর্মাই গঁড়বোৰক অচেতনা নাশক প্ৰয়োগ কৰি উচ্চ প্ৰযুক্তিৰ ৰেডিঅ’ কলাৰ লগাই স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত বনাঞ্চলত মুকলি কৰি দেয়ে  দিয়ে । দুধৱা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড০ এইচ ৰাজমোহনৰ মতে  “দুধৱাত গঁড় স্থানান্তৰ সফল হোৱাটো সংৰক্ষণৰ ক্ষেত্ৰত এক ডাঙৰ পদক্ষেপ । বহু দশকৰ পৰিশ্ৰমৰ পিচত তেৰাই অঞ্চলত গঁড় পুনৰসংস্থাপনৰ এই প্রচেষ্টা ফলপ্ৰসূ হৈছে । বিশ্ব প্ৰকৃতি নিধি ভাৰতৰ জ্যেষ্ঠ পৰিচালক ড০ দিপঙ্কৰ ঘোষে জনোৱা মতে  “ মুক্তভাৱে বিচৰণ কৰা গঁড়ৰ জনসংখ্যা তেৰাইৰ লেণ্ডস্কেপৰ বাবে অতি লাভজনক । গঁড়ক ঘাঁহনি পৰিৱেশৰ শ্ৰেষ্ঠ সংকেতবাহক বুলি গণ্য কৰা হয় । গঁড়ক  ‘পাৰিপাৰ্শ্বিক অভিযন্তা বুলিও কোৱা হয়, কাৰণ গঁড়ে চৰনীয়া বনাঞ্চলৰ  অপতৃৰ্ণ ডাঙৰ ঘাঁহবোৰক সদায় নিয়ন্ত্ৰণত ৰাখে ।”  

উল্লেখ্য যে ২০২৪ ৰ নৱেম্বৰ আৰু ২০২৫ ৰ মাৰ্চ মাহত দুধৱাত চাৰিটাকৈ গঁড় পুনৰসংস্থাপিত কৰা হৈছিল । সম্প্ৰতি উত্তৰ প্ৰদেশ চৰকাৰৰ বন বিভাগ আৰু বিশ্ব প্ৰকৃতি নিধি ভাৰতৰ যৌথ দলে দুধৱাত পুনৰ সংস্থাপিত আৰু ৰেডিঅ’ কলাৰ লগোৱা গঁড়় বোৰক উচ্চ প্ৰযুক্তি আৰু উপগ্ৰহৰ পৰা সংগৃহীত সংকেতৰ সহায়ত পৰ্যবেক্ষণ কৰিবলৈ ইতিমধ্যোই নিয়ন্ত্ৰণ কক্ষও স্থাপন কৰিছে ।  

********