কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ :
Aiidesh News : 9 April - 2025 :
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত আজি পুৱাতে এটা মৃত ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ হয় ৷ কঁহৰা বনাঞ্চলৰ দুসুঁতি বনশিৱিৰ এলেকাত ডিফলু নদীৰ পানী যুঁৱলিত বনকৰ্মীয়ে মতা ঢেকীয়াপতীয়া বাঘটোৰ মৃতদেহ উদ্ধাৰ কৰে ৷ প্ৰাৰম্ভিক অনুসন্ধান মতে বাঘটো দুদিনৰ আগতে মৃত্যু হোৱা বুলি বনকৰ্মী সকলে জনায় ৷ পিচত পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ অৰুণ বিঘ্নেশ, সহকাৰী বন সংৰক্ষক জয়ন্ত দাস, বনাঞ্চলিক বিষয়া বিভুতি ৰঞ্জন গগৈৰ নোত়ত্ব বিভাগীয় পশু চিকিৎসক ডা৹ সৌৰভ বৰগোঁহাই আৰু ডা৹ মেহদি হাচান গৈ ঘটনাস্থলীত উপস্থিত হয় ৷ ডি এফ অ’ অৰুণ বিঘ্নেশে ঘটনাস্থলি পৰিদৰ্শন কৰাৰ উপৰিও ডা৹ সৌৰভ বৰগোঁহাই আৰু ডা৹ মেহদি হাচানে ঘটনাস্থলিতে কৰা মৃত ঢেকীয়াপতীয়া বাঘটোৰ মৰোনোত্তৰ পৰীক্ষা কাৰ্যও পৰ্যবেক্ষণ কৰে ৷ শৰীৰৰ বিভিন্ন স্থানত হোৱা গভীৰ আঘাত আৰু মৰোনোত্তৰ পৰীক্ষাৰ শেষত ঢেকীয়াপতীয়া বাঘটো অন্য বাঘৰ সৈতে হোৱা পাৰস্পৰিক যুঁজত মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে ডি এফ অ’ অৰুণ বিঘ্নেশে ৷ মৰোনোত্তৰ পৰীক্ষাৰ শেষত বাঘৰ মৃতদেহটোক সকলোৰে উপস্থিতিত ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ অভিকৰণৰ নীতি নিৰ্দেশনাৰে ঘটনাস্থলীতে দাহ কৰা হয় ৷ উল্লেখ যে আজিৰ মৃত ঢেকীয়াপতীয়া বাঘটোক লৈ কঁহৰা বনাঞ্চলত চলিত বৰ্ষত দুটাকৈ ঢেকীয়াপতীয়া বাঘৰ পাৰস্পৰিক যুঁজত মৃত্যু হৈছে ৷
**********