অন্ধ্র প্রদেশৰ বিশাখাপত্তনমৰ কাৰখানাত গেছ বিস্ফোৰণ ১১জনৰ মৃ্ত্যু ৮০০ লোক চিকিতসাধীন

অন্ধ্র প্রদেশৰ বিশাখাপত্তনমৰ  কাৰখানাত গেছ বিস্ফোৰণ ১১জনৰ মৃ্ত্যু ৮০০ লোক চিকিতসাধীন

অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত এল জি পলিমাৰ ইণ্ডাষ্ট্ৰীত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত আক্ৰান্ত হৈছে ৫০০০ৰো অধিক লোক। এইপৰ্যন্ত ৮জন লোকৰ মৃত্যু হোৱাৰ লগতে ৮০০শ লোক চিকিৎসাধীন হৈ আছে। এই দূৰ্ঘটনাক লৈ বিশাখাপট্টনমৰ পশ্চিম জনৰ এচিপিয়ে জনায়, গেছ ৫০০০টনৰ দুটা টেংকৰ পৰা নিৰ্গত হৈছিল। এই ফেক্টৰীটো মাৰ্চ মাহৰ পৰা লকডাউনৰ কাৰণে বন্ধ হৈ আছিল। ৰাসায়নিক বিক্ৰিয়া ঘটি টেংকৰ ভিতৰভাগ গৰম হৈ পৰে আৰু এইকাৰণে গেছ লিক হয়। বিষাক্ত গেছ নিৰ্গত হোৱাৰ সময়ত মানুহবোৰ গভীৰ নিদ্ৰাত আছিল।

আনহাতে এনডিআৰএফৰ মুৰব্বী সত্যনাৰায়ণ প্ৰধানে জনায় যে এনডিআৰএফৰ উদ্ধাৰ অভিযানত ২৭জন উদ্যোগিক নিৰ্গমনৰ সৈতে যুঁজিব পৰা বিশেষজ্ঞ তৎপৰতাৰে জৰিত আছে আৰু ৮০ৰ পৰা ৯০শতাংশ লোকৰ প্ৰাণ ৰক্ষা কৰা হৈছে।

বিষয়াসকলে জনোৱা মতে, এই প্লাণ্ট গোপালপট্টনম এলেকাত অৱস্থিত। এই এলেকাত মানুহে চকু জ্বলাপোৰা, উশাহ লোৱাত কষ্ট, বুকুখন বেয়া লগা আৰু শৰীৰত চকলাচকল ৰঙা দাগ পৰা সমস্যাৰ দ্বাৰা আক্ৰান্ত হৈছে। জিলা মেজিষ্ট্ৰেট বি বিনয় চন্দে জনায় যে, বিষাক্ত গেছৰ কাৰণে ৮জন লোকৰ প্ৰাণ গৈছে।৮০০শ লোক চিকিৎসাধীন হৈছে।