অসমত আৰু এজনৰ দেহত কোৰোণা ভাইৰাছ
অসমত আৰু এজনৰ দেহত ধৰা পৰিলে কোৰোণা ভাইৰাছ। গোৱালপাৰা জিলাত নতুনকৈ চিনাক্ত হ’ল এজন কোৰোণাত আক্ৰান্ত ৰোগী। ৰাজ্যত এতিয়ালৈকে ৪৩ জনৰ দেহত ধৰা পৰিছে কোৰোণা ভাইৰাছ। ৩২ জনক চিকিত্সালয়ৰ পৰা ৰিলিজ দিয়া হৈছে।







