সংখ্যালঘুৰ গণহত্যাই শিৰোনামলৈ আনিছে চীনক

 

ক’ৰোনা মহামাৰী সংক্রমণৰ বিতর্ক, ভাৰতৰে সীমান্ত সংঘাতৰ পাছত এইবাৰ সংখ্যালঘুৰ গণহত্যাই শিৰোনামলৈ আনিছে চীনক৷ ‘ডেম’গ্রাফিক জেন’ছাইড’ অর্থাৎ জনগাঁথনিকেন্দ্রিক গণহত্যাই এতিয়া কঁপাইছে বেইজিং৷ এছ’চিয়েট প্রেছৰ এক অনুসন্ধানমূলক প্রতিবেদনত চীনৰ পশ্চিমাঞ্চলৰ জিনজিয়াং অঞ্চলত বাস কৰা সংখ্যালঘু নৃগোষ্ঠীয় উইঘুৰ নামৰ মুছলিম সম্প্রদায়টোৰ জনসংখ্যা ৰোধৰ বাবে পৰিকল্পিতভাৱে চলিছে গোপন গণহত্যা অভিযান৷ উল্লেখ্য যে তুর্কীভাষী এই নৃগোষ্ঠীয় মুছলিম সম্প্রদায়টোৱে চীনৰ জিনজিয়াং অঞ্চলত বসবাস কৰে৷ চীনতেই প্রায় আঢ়ৈ কোটি জনসংখ্যা আছে এই সম্প্রদায়টোৰ৷ আনহাতে, চীনৰ পশ্চিম অঞ্চলত হান আৰু কাজাখ নামৰ আন দুটা সংখ্যালঘু সম্প্রদায়ৰ লোকে বাস কৰে৷ জিনজিয়াঙৰ হুটান আৰু কাছগড় নামৰ মহানগৰ দুখনৰ পৰা এই অঞ্চলটোৰ তিনিওটা সংখ্যালঘু সম্প্রদায়ৰ লোকৰ জনসংখ্যা ৰোধ কৰি জনগাঁথনি পৰিৱর্তন কৰাৰ ষড়যন্ত্রৰে গোপনে গণহত্যা চলা বুলি এছ’চিয়েট প্রেছৰ প্রতিবেদনখনত প্রকাশ পাইছে৷