বোকাখাতৰ ইকৰাজানৰ পানী যুঁৱলিত সদ্যজাত শিশুৰ মৃতদেহ উদ্ধাৰ :

বোকাখাতৰ ইকৰাজানৰ পানী যুঁৱলিত সদ্যজাত শিশুৰ মৃতদেহ উদ্ধাৰ  :
Aiidesh Photo

Aiidesh News  : 17 February - 2024 : 

বোকাখাতৰ ইকৰাজানত আজি এটি মৃত নৱজাতক শিশুৰ মতদেহ উদ্ধাৰ হয় । বোকাখাতৰ ইকৰাজানৰ পাৰৰ ষঠ পূজাৰ ঘাটৰ পানী যুঁৱলীত এটা বেগত সোমাই থোৱা  অৱস্থাত উদ্ধাৰ হয় সদ্যজাত শিশুটিৰ মৃতদেহ । স্থানীয় এগৰাকী মহিলাই ইকৰাজানৰ ঘাটত পূজা কৰি বিসর্জন দিয়া নাৰিকল বুটলিবলৈ আহি প্ৰত্যক্ষ কৰে মৃত নৱজাতক শিশুটিক । কোনো নিদাৰুণ নাৰীয়ে অবৈধ্য মাতৃত্বৰ চেকা আঁতৰাবলৈ নিশাই উক্ত স্থানত সদ্যজাত শিশুটিৰ মৃতদেহ পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে । ঘটনাস্থলীত উপস্থিত হৈ বোকাখাত আৰক্ষীয়ে ঘটনাৰ  তদন্ত আৰম্ভ কৰিছে ।

***********