বোকাখাতৰ উজনি অসম বিকলাংগ কেন্দ্ৰলৈ ৰাউণ্ড টেবুল ইণ্ডিয়াৰ হুইল চেয়াৰ প্ৰদান :

বোকাখাতৰ উজনি অসম বিকলাংগ কেন্দ্ৰলৈ ৰাউণ্ড টেবুল ইণ্ডিয়াৰ হুইল চেয়াৰ প্ৰদান  :
Aiidesh Photo

বোকাখাতৰ উজনি অসম বিকলাংগ কেন্দ্ৰলৈ ৰাউণ্ড টেবুল ইণ্ডিয়াৰ হুইল চেয়াৰ প্ৰদান  : 

Aiidesh News  :  26th September  : 

দেশৰ আগশাৰীৰ অনুষ্ঠান ৰাউণ্ড টেবুল ইণ্ডিয়াৰ গুৱাহাটী গোট আৰু মহিলা গোটৰ উদ্যোগত ২৫ চেপ্তেম্বৰৰ দিনা বোকাখাতৰ উজনি অসম বিকলাংগ কেন্দ্ৰলৈ তিনিখন হুইল চেয়াৰ আৰু দুডাল পেঙৰ যোগন ধৰে ৷

এই উপলক্ষে বোকাখাতৰ উজনি অসম বিকলাংগ কেন্দ্ৰত আয়োজিত এক বিশেষ অনুষ্ঠানত কেন্দ্ৰৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা , সম্পাদক উত্তম শইকীয়া, সহ সম্পাদক কৈলাশ পাটোৱাৰীৰ লগতে কেন্দ্ৰ বিষয়া কৰ্মচাৰী আৰু আৱাসিক ছাত্ৰ ছাত্ৰী সকলৰ উপৰিও ৰাউণ্ড টেবুল ইণ্ডিয়াৰ ভিনাচ আগ্ৰৱাল আৰু অমৃত জৈনসহ তিনি প্ৰতিনিধিও উপস্থিত থাকে ৷  অনুষ্ঠানতে ৰাউণ্ড টেবুল ইণ্ডিয়া প্ৰদান কৰা হুইল চেয়াৰৰ এখন দেৰগাওঁৰ যুৱ নেতা দিবাংগ যুৱক প্ৰনৱ দত্ত আৰু ৰজাবাৰীৰ দিবাংগ যুৱক পৱিত্ৰ বৰাক একোখনকৈ হুইল চেয়াৰ,  দিবাংগ মহিলা মাতু বৰি আৰু কমাৰগাওঁৰ মাজনী ৰাজবংশীক একোডালকৈ পেং প্ৰদান কৰে ৷ ৰাউণ্ড টেবুলৰ এই বদান্যতাত উজনি অসম কেন্দ্ৰৰ সমুহ সদস্যই ৰাউণ্ড টেবুল ইণ্ডিয়াৰ কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰে ৷ 

*******