৫৫ কিলোগ্ৰাম ওজনৰ কেক কাটি বোকাখাতৰ উজনি অসম বিকলাংগ কেন্দ্ৰত জিলা যুৱ মৰ্চাই উদযাপন কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৫৫ সংখ্যক জন্মদিন :

Aiidesh News  : 1 February 2024  : 

বোকাখাতৰ উজনি অসম বিকলাংগ কেন্দ্ৰত ৫৫ কিলোগ্ৰাম ওজনৰ কেক কাটি বি জে পি যুৱ মৰ্চাৰ গোলাঘাট জিলা সমিতি আৰু বোকাখাত মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত আজি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৫৫ সংখ্যক জন্মদিন উদযাপন কৰে ৷ এই অনুষ্ঠানতে যুৱ মৰ্চাৰ উদ্যোগত মুখ্যমন্ত্ৰী গৰাকীক কৰ্মশ্ৰী উপাধি প্ৰদান কৰা হয় ৷  অনুষ্ঠানৰ আৰম্ভনীতে কেন্দ্ৰৰ বাকৰিত মুখ্যমন্ত্ৰীৰ জন্মদিন উপলক্ষে কেন্দ্ৰৰ আৱাসিক দিব্যাংগ ছাত্ৰ আকাশ নাথ আৰু নবীন ভুঞাই বৃক্ষ ৰোপণ কৰে ৷ 

ভাৰতীয় জনতা যুৱ মৰ্চা গোলঘাট জিলাৰ সভাপতি চন্দ্ৰ জ্যোতি ঠাকুৰৰ পৌৰহিত্যত অনুষ্ঠিত মুখ্যমন্ত্ৰী গৰাকীৰ জন্ম দিৱসৰ সভাত বি জে পিৰ বোকাখাত মণ্ডলৰ সভাপতি জীৱেশ্বৰ হাজৰিকা, যুৱ মৰ্চা অসম প্ৰদেশৰ সম্পাদক নয়নজ্যোতি হাজৰিকা, গোলাঘাট জিলাৰ উপ সভাপতি সত্য বৰঠাকুৰ , সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা , বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্ত, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভবানন্দ কলিতা, বি জে পিৰ কাৰ্যনিৰ্বাহক সদস্য অনিমেষ শইকীয়া, গোলাঘাট জিলা পৰিষদৰ উপ সভানেত্ৰী ৰশ্মি কাকতিৰ, বোকাখাত জিলা পৰিষদৰ সদস্য শ্ৰীৰাম দাস উপৰিও যুৱ মৰ্চাৰ বিভিন্ন  কার্যকর্তাৰ লগতে উজনি অসম বিকলাংগ কেন্দ্ৰৰ আৱাসিক দিব্যাংগ ছাত্ৰ ছাত্ৰী সকল উপৰিও শিক্ষক শিক্ষয়ত্ৰী সকলো উপস্থিত থাকে ৷ 

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে জিলাখনৰ ৫৫ টা নামঘৰ আৰু মন্দিৰত যুৱ মৰ্চাৰ কার্যকর্তা সকলে চাকি ধূপ জ্বলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দীৰ্ঘায়ু, সুস্বাস্থ্য কামনা কৰাৰ পিচতেই বোকাখাতত ৫৫ জোপা গছপুলি বিতৰণ আৰু ৰোপন কৰে । বিয়লিলৈ বোকাখাতৰ উজনি অসম বিকলাংগ কেন্দ্ৰত ৫৫ কিলোগ্ৰাম ওজনৰ এটা কেক কাটি জন্মদিন উদযাপন কৰাৰ লগতে দিব্যাংগ ছাত্ৰ ছাত্ৰীৰ লগতে উপস্থিত সকলোৰে মাজত বিতৰণ কৰে । দেৱাশীষ ভৰদ্বাজে আঁত ধৰা অনুষ্ঠানত কেন্দ্ৰৰ আৱাসিক ছাত্ৰ ছাত্ৰী সকলে গীত মাতো পৰিবেশন কৰে ৷

**********