কাজিৰঙাত আয়ুষ মন্ত্ৰালয়ৰ প্ৰথম 'চিন্তন শিবিৰ' : দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই শিৱিৰ মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে :

কাজিৰঙাত আয়ুষ মন্ত্ৰালয়ৰ প্ৰথম 'চিন্তন শিবিৰ' : দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই শিৱিৰ মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে  :
Aiidesh Photo
কাজিৰঙাত আয়ুষ মন্ত্ৰালয়ৰ প্ৰথম 'চিন্তন শিবিৰ' : দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই শিৱিৰ মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে  :

কাজিৰঙাত আয়ুষ মন্ত্ৰালয়ৰ প্ৰথম 'চিন্তন শিবিৰ' : দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই শিৱিৰ মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে  : 

Aiidesh News  : 27th February  :

কেন্দ্ৰীয় আয়ুষ আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আয়ুষ মন্ত্ৰালয়ৰ উদ্যোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা প্ৰথম 'চিন্তন শিৱিৰ'ৰ শুভাৰম্ভ কৰে । শিৱিৰ উদ্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে আয়ুষ খণ্ডৰ ব্যাপক সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি যুৱ গৱেষক আৰু বিজ্ঞানী সকলক প্ৰমান ভিত্তিক বৈজ্ঞানিক গৱেষণাৰ ওপৰত কাম কৰিবলৈ আহ্বান জনায় । লগতে আয়ুষ ব্যৱস্থাৰ চিকিৎসা পদ্ধতিৰ লাভালাভ আৰু গৱেষণাৰ বিষয়ে থলুৱা ভাষাত ব্যাখ্যা কৰিবলৈও গৱেষক সকলৰ প্ৰতি আহ্বান জনায় যাতে জনসাধাৰণে এই বিষয়ে অৱগত হ'ব পাৰে । 

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে এখন পৃথিৱী, এটা পৰিয়াল আৰু এটা ভৱিষ্যতৰ লক্ষ্য সাধনৰ ক্ষেত্ৰত আয়ুষ অতি গুৰুত্বপূৰ্ণ । প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত ভাৰতৰ পৰম্পৰাগত চিকিৎসা ব্যৱস্থাই বিশ্বব্যাপী বিশেষ স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে বুলিও তেওঁ উল্লেখ কৰে । 

অনুষ্ঠানত আয়ুষ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ডঃ মহেন্দ্ৰ মুঞ্জাপাৰা, আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কটেছা, আয়ুষ মন্ত্ৰালয়ৰ বিশেষ সচিব প্ৰমোদ কুমাৰ পাঠক, আয়ুষ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল, নিদিৰ্ষ্ট বক্তা, বিশেষজ্ঞ আৰু ভালেসংখক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে । 

চিন্তন বৈঠকৰ লগত সংগতি ৰাখি আয়োজিত ডিজিটেল স্বাস্থ্য আৰু প্ৰযুক্তি সম্পৰ্কীয় প্ৰথমখন অধিৱেশনত আয়ুষ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ডঃ মহেন্দ্ৰ মুঞ্জাপাৰাই আয়ুষত অংশ লয় । অনুষ্ঠানত  ডঃ মহেন্দ্ৰ মুঞ্জাপাৰাই মন্তব্য কৰি কয় যে এতিয়া সমগ্ৰ বিশ্বই আয়ুষৰ শক্তিক অনুধাৱন কৰিছে । ডিজিটেল স্বাস্থ্য, আয়ুষ গ্ৰীড, উন্নত ডিজিটেল আৰু কাৰিকৰী প্ৰযুক্তিৰ সহায়ত আয়ুষৰ শক্তিক প্ৰাথমিক স্বাস্থ্যৰ যতনৰ পৰা বিশেষ স্বাস্থ্য কেন্দ্ৰলৈ উন্নীত কৰিব পাৰি বুলিও মন্তব্য কৰে ৷ 

শিৱিৰত নতুন দিল্লীৰ মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানৰ সঞ্চালক ডঃ ঈশ্বৰ ভিঃ বাছাভাৰাদ্দিৰ উদ্যোগত আয়োজন কৰা যোগাভ্যাসত দুয়োগৰাকী মন্ত্ৰীয়ে অংশ গ্ৰহনো কৰে ৷ 

আয়ুষ মন্ত্ৰালয়ৰ এই চিন্তন বৈঠকত আজিৰ প্ৰথম দিনাৰ প্ৰথম অধিবেশনত আয়ুষত ডিজিটেল স্বাস্থ্য আৰু প্ৰযুক্তি, দ্বিতীয় অধিবেশনত আয়ুষ গৱেষণা; ভৱিষ্যতৰ কৌশল, প্ৰত্যাহ্বান আৰু আগুৱাই যোৱাৰ পথ আৰু তৃতীয় অধিবেশনত আয়ুষ শিক্ষা: ভৱিষ্যতৰ পদক্ষেপ, সামৰ্থ্য বৃদ্ধি, নিয়োগ সৃষ্টি আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয় । 

২৮ ফেব্ৰুৱাৰীৰ দ্বিতীয় দিনা আয়ুষ ঔষধ উদ্যোগ, সেৱা আৰু আয়ুষৰ সামগ্ৰীৰ মান উন্নীতকৰণৰ ক্ষেত্ৰত বৰ্তমানৰ প্ৰত্যাহ্বান আৰু ভৱিষ্যত কাৰ্যপন্থা সন্দৰ্ভত অধিবেশন অনুষ্ঠিত হ’ব । পঞ্চম অধিবেশনত জনস্বাস্থ্য, প্ৰত্যাহ্বান আৰু ভৱিষ্যত কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰা হ’ব আৰু ভৱিষ্যতৰ ৰূপৰেখা অংকন তথা প্ৰতিবেদন উপস্থাপন কৰা হ'ব । 

জানিব পৰা মতে আয়ুষ প্ৰতিষ্ঠানসমূহৰ উন্নীতকৰণৰ বাবে আৰু প্ৰযুক্তিগত অগ্ৰগতিৰ সৰ্বাধিক ব্যৱহাৰেৰে ইয়াৰ ৰূপৰেখা যুগুত কৰা আৰু নতুন শিক্ষা নীতিৰ সৈতে আয়ুষৰ সমন্বয় সাধনৰ অৰ্থে পথৰ সন্ধান আৰু আয়ুষৰ সুবিধাসমূহ  গ্ৰহণ কৰিব পৰাকৈ বৰ্তমানৰ সেৱাসমূহৰ উন্নয়নৰ সম্ভাৱনাসমূহ চিনাক্ত কৰাই এই দুদিনীয়া চিন্তন বৈঠকৰ উদ্দেশ্য ।

********