কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নিৰ্দেশ দিলেও অসমত ২৭ তাৰিখৰ পৰাহে কাৰ্যকৰ হব

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নিৰ্দেশ দিলেও অসমত ২৭ তাৰিখৰ পৰাহে কাৰ্যকৰ হব

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সকলো সকলো দোকান–পোহাৰ খোলাৰ নিৰ্দেশ দিছে। তলাবন্ধ অন্ত পৰাৰ আগতেই এই নিৰ্দেশ গৃহ মন্ত্ৰণালয়ৰ। ৰাজ্যসমূহৰ Shops and Establishments Actৰ অধীনত পঞ্জীকৃত সকলো দোকান খুলিবলৈ ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চলৰ মুখ্য সচিবলৈ গৃহ মন্ত্ৰণালয়ে প্ৰেৰণ কৰিছে পত্ৰ।
২৪ এপ্রিলত প্ৰেৰণ কৰা এই পত্ৰত Residential Complex আৰু Market Complexত থকা দোকানসমূহ খোলাৰ অনুমতি প্ৰদান কৰিছে কৰিছে কেন্দ্ৰীয় চৰকাৰে। কিন্তু খুলিব নোৱাৰিব Multi Brand আৰু Single Brand ম’লসমূহ।
এই দোকান সমূহ পঞ্চাশ শতাংশ কৰ্মচাৰীৰে পৰিচালনা কৰিব লাগিব আৰু সামাজিক দূৰত্ব বাধ্যতামূলক হ’ব। Hotspot আৰু Red Zoneত প্ৰযোজ্য নহ’ব এই নিৰ্দেশ।

স্বাভাৱিকতে অসমতো দোকান–পোহাৰ কেতিয়া খুলিব পাৰিব তাক লৈ সৃষ্টি হৈছে উৎকণ্ঠাৰ। ব্যৱসায়ীসকলে দীঘলীয়া সময় বন্ধ হৈ থকা নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান খুলিবলৈ চৰকাৰী নিৰ্দেশৰ অপেক্ষা কৰিছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণাই। চলি থকা লকডাউন কোনো কাৰণতে শিথিল নকৰাৰ কথা উল্লেখ কৰি ৰাজ্যৰ সকলো দোকান–পোহাৰ আৰু বিউটী পাৰ্লাৰ আদি খোলাৰ সিদ্ধান্ত এতিয়াই লোৱা হোৱা নাই বুলি তেওঁ সংবাদমাধ্যমক জনাইছে। এই সন্দৰ্ভত সিদ্ধান্ত ২৭ এপ্ৰিলৰ পিছতহে লোৱা হ’ব বুলিও জনোৱা হৈছে।