হাইড্ৰ’ক্সীক্লৰ’কুইন, পেৰাচিটামলৰ ৰপ্তানিৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

হাইড্ৰ’ক্সীক্লৰ’কুইন, পেৰাচিটামলৰ ৰপ্তানিৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ
Image Courtesy : indiatvnews.com

মেলেৰিয়াৰ ঔষধ হাইড্ৰ’ক্সীক্লৰ’কুইন আৰু পেৰাচিটামলৰ ৰপ্তানিৰ ক্ষেত্ৰত আৰোপ কৰা নিষেধাজ্ঞা ভাৰত চৰকাৰে প্ৰত্যাহাৰ কৰিছে।আমেৰিকাসহ চুবুৰীয়া দেশলৈ এই প্ৰয়োজনীয় ঔষধ ৰপ্তানি কৰা হ’ব।চুবুৰীয়া দেশলৈ পেৰাচিটামল আৰু হাইড্ৰ’ক্সীক্লৰ’কুইন ঔষধৰ যোগানত অনুমতি দিয়া হ’ব।

প্ৰায় ৩০খন দেশে কৰ’নাৰ সংকটৰ সময়ত হাইড্ৰ’ক্সীক্লৰ’কুইনৰ ৰপ্তানিৰ বাবে ভাৰতক অনুৰোধ জনাইছিল।কৰ’না মহামাৰীৰ সৈতে ভাৰতসহ বহু দেশে বৰ্তমান যুঁজি আছে।আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্ৰাম্পৰ উপৰি ব্ৰাজিলৰ ৰাষ্ট্রপতিয়েও ভাৰতক হাইড্ৰ’ক্সীক্লৰ’কুইনৰ বাবে অনুৰোধ জনাইছে।উল্লেখযোগ্য যে, ভাৰত হাইড্ৰ’ক্সীক্লৰ’কুইনৰ সৰ্বাধিক ৰপ্তানিকাৰী দেশ।ইয়াৰ বাবে কেঁচা মাল চীনৰ পৰা আহে,যাৰ দাম শেহতীয়াকৈ কৰ’না ভাইৰাছৰ বাবে বৃদ্ধি পাইছে।