কাজিৰঙা অধ্যয়ন চক্ৰ উদ্যোগত আৰু যুৱ-ছাত্ৰৰ পৰিষদৰ সহযোগত কেনভাচত ৰং বোলাই কাজিৰঙাত মণিপুৰ কাণ্ডৰ প্ৰতিবাদ চিত্ৰশিল্পীৰ :

 

কাজিৰঙা অধ্যয়ন চক্ৰ উদ্যোগত আৰু যুৱ-ছাত্ৰৰ পৰিষদৰ সহযোগত

কেনভাচত ৰং বোলাই কাজিৰঙাত মণিপুৰ কাণ্ডৰ প্ৰতিবাদ চিত্ৰশিল্পীৰ :

Aiidesh News  : 22 July 2023  : 

'যি সময়ত নাৰীক মাতৃ হিচাপে পূজা কৰা হয়, ঠিক তেনে সময়তে আমাৰ দেশত প্ৰতি মুহূৰ্ততে নাৰী সমাজ লাঞ্ছনা-বঞ্চনাৰ বলি হৈ আহিছে ৷ তাৰেই উদাহৰণ শেহতীয়া মণিপুৰ কাণ্ড ৷ চৰকাৰৰ উদাসীনতাৰ বাবেই মণিপুৰত ভাতৃঘাতী সংঘৰ্ষৰ সমান্তৰালভাৱে নাৰী নিৰ্যাতন অব্যাহত আছে ৷' মণিপুৰৰ নাৰকীয় কাণ্ডৰ বিৰুদ্ধে আজি কাজিৰঙাৰ ৰাজপথত প্ৰতিবাদ কৰি এইদৰে কয় কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহাই ৷ উল্লেখ্য যে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন বাতিলৰ দাবীত ১৭ বছৰ ধৰি চলা অনশন, অসম ৰাইফলচৰ ধৰ্ষণ কাৰ্যৰ বিৰুদ্ধে উলংগ হৈ মহিলাই কৰা প্ৰতিবাদৰ পিচত এই বাৰ পুনৰ উতপ্ত হৈ পৰিছে মণিপুৰ ৷ 

যোৱা ৩ মে’ৰ পৰা অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰত দুই জনগোষ্ঠীৰ মাজত চলি থকা সংঘাত তথা শেহতীয়াকৈ ভাইৰেল হোৱা নাৰী নিৰ্যাতনৰ ভিডিঅ'ৰ পাছতেই ২১ জুলাইত কাজিৰঙাত চিত্ৰ অংকণেৰে চিতশিল্পী সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাজিৰঙা আঞ্চলিক সমিতি আৰু ৰাইজৰ সহযোগত মণিপুৰৰ নাৰকীয় কাণ্ডৰ বিৰুদ্ধে ওলাই অহা চিত্ৰশিল্পীৰ দলটোৱে ৰং-তুলিকাৰে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ মুখ্য কেন্দ্ৰস্থল কহঁৰা চাৰিআলিৰ মাজ মজিয়াত চিত্ৰ অংকণেৰে তেওঁলোকে মনিপুৰৰ ঘটনাৰ প্ৰতিবাদ কৰে ৷ হাতে হাতে ৰং-তুলিকা লৈ উকা কেনভাচত চৰকাৰৰ উদাসীনতা আৰু নাৰকীয় কাণ্ডৰ প্ৰতিবাদ কৰে । অনুষ্ঠানত অংশগ্ৰহন কৰি কেনভাচত ৰং বুলাই চিত্ৰশিল্পী ইঞ্জু আহমেদে কয়, মানৱ সভ্যতাৰ বাবে লাজ লগা এটা বিষয় জনগণৰ মাজলৈ আহিল ৷ কিন্তু চৰকাৰ মৌন ৷ যেতিয়াই পৃথিৱীত যি দুৰ্ভাগ্যজনক ঘটনা হয়, তাতেই নাৰী জাতিটো শোষিত হ’বলগীয়া হৈ আহিছে ৷ নাৰী জাতিটোক কেৱল পণ্য হিচাপে ব্যৱহাৰ কৰি অহা কাৰ্য মানুহ জাতিটোৰ বাবেই লজ্জাজনক ৷ চিত্ৰশিল্পী বিজয় তাঁতীয়ে কয়, যি সময়ত বেটী পঢ়াও, বেটী বাচাও শ্ল’গান দিয়া হয় ঠিক তেনে সময়ত নাৰী সুৰক্ষাৰ শ্ল'গান বাস্তৱায়িত হোৱাৰ পৰিৱৰ্তে কেৱল প্ৰতি মুহূৰ্তত নাইকিয়া হোৱা পৰিলক্ষিত হৈছে ৷ চিত্ৰশিল্পী পাপু ঘোষ আৰু বিতোপন মাজিয়ে সামগ্ৰিক পৰিৱেশে কেনেকৈ সমাজ ব্যৱস্থাটোক তচনচ কৰিছে সেই সন্দৰ্ভত উল্লেখ কৰে ৷ প্ৰতিবাদথলিত চিত্ৰশিল্পী সকলে নাৰী সুৰক্ষাৰ বাবে সকলো পক্ষকে ঐক্যবদ্ধ হ’বলৈ আহ্বান জনায় ৷ প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য নিৰ্বাহক মহেশ্বৰ গগৈ, বোকাখাত জিলা সমিতিৰ সাংগঠনিক সম্পাদক সঞ্জীৱ দত্ত উপস্থিত থাকি চৰকাৰৰ দুৰ্বল ভূমিকা আৰু পৈশাচিক কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷ অনুষ্ঠানত কাজিৰঙা অধ্যয়ন চক্ৰৰ সমন্বয়ক ইন্দুপৱন শইকীয়া, বিষ্ণু পাত্ৰ, উদয় মুণ্ডা, জোনমণি কৰ্মকাৰ, যুৱ-ছাত্ৰৰ কাজিৰঙা আঞ্চলিকৰ সভাপতি মণ্টু ঘাটোৱাৰ, সম্পাদক নিৰ্মল শইকীয়া, কবি গীতিৰেখা দত্তৰ লগতে শতাধিক ৰাইজৰ উপস্থিতিত চিত্ৰশিল্পী বিজয় তাঁতী, ইঞ্জু আহমেদ, প্ৰাঞ্জল পায়েং, অকু দাস, নয়নমণি শইকীয়া, পাপু ঘোষ, বিতোপন মাজি আৰু সুমন কৰ্মকাৰে চিত্ৰ অংকণ কৰে ৷ পুৱা ৯-৩০ বজাৰ পৰা আৰম্ভ হোৱা চিত্ৰ অংকণেৰে কৰা প্ৰতিবাদী কাৰ্যসূচী দিনৰ ১-০০ বজাত সমাপ্ত হয় ৷

***********