যোৰহাটত বিশিষ্ট লেখিকা জলি বেগমৰ সাতখন গ্ৰন্থ উন্মোচন |

যোৰহাটত বিশিষ্ট লেখিকা জলি বেগমৰ সাতখন গ্ৰন্থ উন্মোচন |

যোৰহাটৰ মুক্তি যুঁজাৰু ভৱনৰ প্ৰেক্ষাগৃহত কালক্রম গোষ্ঠী প্রকাশনৰ উদ্যোগত  শনিবাৰে  অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট কবি , লেখিকা জলি বেগমৰ সাতখন গ্ৰন্থ উন্মোচন হয় । বিশিষ্ট লেখক গৱেষক হেমচন্দ্ৰ শইকীয়াই পৰিচালনা কৰা গ্ৰন্থ উন্মোচনী সভাখনত বিশিষ্ট ব্যক্তি  উপস্থিত থাকি কবি, সাহিত্যিক তথা অধ্যাপিকা ড0 জ্যোতিৰেখা হাজৰিকা ,সাহিত্যিক ৰমানন্দ বৰা , লেখক অধ্যাপক তুফেল জিলানী ,কবি লেখক ড0 বীৰেন্দ্ৰ কুমাৰ ভৰালী ,কবি লেখিকা তথা অধ্যাপিকা  ড0 অদিতি বেজবৰুৱা , লেখক প্ৰতাপ চন্দ্ৰ বৰা , সাংবাদিক গফুৰ আহমেদকে ধৰি কেইবাজনো  লোক উপস্থিত থকা সভাখনত লেখিকা জলি বেগমৰ " মুখ চুপতি, পূজাৰ বেলুন মোৰো আছে, পাপৰিৰ সপোন, পপৰিকা স্বপ্না , " অ মোৰ মা "অ মোৰ  চকলেট দেউতা , কামিহাড়ে উচুপি উঠে, পেটুৱাৰ টামাচা   আদিকে ধৰি সাতখন গ্ৰন্থ উন্মোচন কৰা হয় । সভাৰ অৰাম্ভণিতে দুলাল গোস্বামীয়ে মঙ্গলাচৰণ আৰু মৌচুমী  মহন্তই  বৰগীত  পৰিৱেশন কৰা গ্ৰন্থ উন্মোচনী সভাখনত বহু সংখ্যক লেখক , লেখিকা তথা গ্ৰন্থপ্ৰেমী ৰাইজ উপস্থিত আছিল ।