বোকাখাতত সদৌ অসম সাংবাদিক সন্থাৰ বিশেষ সভা : গোলাঘাট জিলা সমিতি গঠন :

বোকাখাতত সদৌ অসম সাংবাদিক সন্থাৰ বিশেষ সভা  : গোলাঘাট জিলা সমিতি গঠন :
Photo : Uttam Saikia

বোকাখাতত সদৌ অসম সাংবাদিক সন্থাৰ বিশেষ সভা  : গোলাঘাট জিলা সমিতি গঠন : 


AIIDESH NEWS. 28 September : 


সদৌ অসম সাংবাদিক সন্থাৰ উদ্যোগত দেওবাৰে বোকাখাতৰ সাধনী ভৱনত আয়োজিত এক বিশেষ সভাত গোলাঘাট জিলা সমিতি গঠনৰ লগতে এক সংবাদ মেলো অনুষ্ঠিত হয় ৷ সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পঙ্কজ নাথৰ পৌৰহিত্যত অনুষ্ঠিত আজিৰ সভাত গোলাঘাটৰ জেষ্ঠ সাংবাদিক প্ৰকাশ শৰ্মাক সভাপতি আৰু বোকাখাতৰ প্ৰতিদিন টাইমৰ সাংবাদিক দিব্যজ্যোতি হাজৰিকাক সম্পাদক হিচাবে লৈ  জনীয়া সদস্যৰে সংগঠনটোৰ গোলাঘাট জিলা সমিতি গঠন কৰা হয় ৷ সভাত 'আজু'ক সৱল কৰাৰ বাবে সাংগঠনিক দিশৰ ওপৰত বিস্তৃত আলোচনা হয় ৷ বোকাখাতত আয়োজিত আজুৰ এই সভাত আজুৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰ , উপ সভাপতি ৰাজেশ দত্ত , বিত্তীয় সম্পাদক মিন্টু হেমৰম আৰু কেন্দ্ৰীয় সদস্য দিব্যজ্যোতি নাথে অংশ গ্ৰহন কৰে ৷ সভাত দেশ জুৰি হোৱা সাংবাদিক নিগ্ৰহক কাৰ্যক গৰিহনা দিয়াৰ লগতে এনে ঘটনাত নিহত সমুহ সাংবাদিকক স্মৰণ কৰা হয় ৷ সভাৰ শেষত আয়োজিত সংবাদ মেলত আজুৰ সভাপতি পঙ্কজ নাথে বিজেপি নেতৃত্বধীন চৰকাৰ খনক জাতিদ্ৰোহী আৰু গন বিৰুদ্ধী এখন চৰকাৰ বুলি অভিহিত কৰি এই চৰকাৰক উৎত্থাত কৰাৰ বাবে সকলো বিৰুদ্ধী পক্ষ ঐক্যবদ্ধ হ'বৰ বাবে আহ্বান জনায় ৷ এই ক্ষেত্ৰত অখিল গগৈয়ে এখন পতাকা আৰু এটা প্ৰতীকৰ তলত সমবেত হোৱাৰ আহ্বানক প্ৰশংসা কৰি সভাপতি গৰাকীয়ে এইক্ষেত্ৰত অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু আছুৰ ভুমিকা দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে ৷ এনে কাৰ্যৰে বি জে পি চৰকাৰক উৎখাত কৰাতো সম্ভৱ নহয় বুলি সংবাদ মেলত সভাপতি গৰাকীয়ে মন্তব্য কৰে ৷