বোকাখাতত একাধিক ৰাষ্ট্ৰীয় আঁচনিৰ শুভাৰম্ভ মন্ত্ৰী অতুল বৰাৰ : টেবলেট বিতৰণ :

বোকাখাতত একাধিক ৰাষ্ট্ৰীয় আঁচনিৰ শুভাৰম্ভ মন্ত্ৰী অতুল বৰাৰ  :  টেবলেট বিতৰণ  :
Aiidesh photo

Aiidesh News  : 25 October  : 

কৃষিমন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাই সোমবাৰৰ দিনা বোকাখাত একাধিক আঁচনিৰ শুভাৰম্ভ কৰে ৷

বোকাখাতৰ নাট্য মন্দিৰত ভাৰত চৰকাৰৰ 'ৰাষ্ট্ৰীয় গকুল মিচনৰ' অধীনত  গোলাঘাট আৰু যোৰহাট জিলাৰ কৃত্ৰিম গো প্ৰজনন সহায়ক সকলক 'টেবলেট' বিতৰণৰ উদ্দেশ্যে পশু পালন বিভাগৰ উদ্যোগত  এক সভা অনুষ্ঠিত হয় ৷ এই সভাত অংশগ্ৰহন কৰি এই কথা কয় মন্ত্ৰী অতুল বৰাই । নিজৰ‌ ভাষন প্ৰসংগত মন্ত্ৰী গৰাকীয়ে আৰু কয় যে বোকাখাতত এখন পশুপালন স্কুল মুকলি কৰা হৈছে । লগতে বোকাখাতত থকা পশু চিকিৎলয় খন উন্নতি ঘটোৱা হৈছে । তাতোকৈও ভাল খবৰ হৈছে বোকাখাত আৰু থাওৰাত দুখন অত্যাধুনিক পশু চিকিৎসালয় স্থাপন কৰিবলৈও সিদ্ধান্ত লোৱা হৈছে । অনুষ্ঠানত অসম পশুধন উন্নয়ন অভিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া ডা৹ ৰূপজ্যোতি গোহাঁই আৰু গোলাঘাট জিলাৰ পশুপালন আৰু পশু চিকিৎসা বিষয়া ডা৹সত্য দত্ত চৌধুৰীও উপস্থিত থাকে ৷ 

আজি গোলাঘাট পশ্চিম উন্নয়ন খণ্ড বোকাখাতৰ  আন দুটা অনুষ্ঠানত ভাগলৈ মন্ত্ৰী গৰাকীয়ে মহিলা সৱলীকৰণৰ অংশ হিচাপে 'অসম গ্ৰামীণ এক্সপ্ৰেছ আঁচনি'ৰ অধীনত দুটা মহিলা আত্ম সহায়ক গোটলৈ এখন যাত্ৰীবাহী মেজিক,আৰু এখন যাত্ৰীবাহী টেম্পো বিতৰণ কৰে । একেটা কাৰ্যালয় চৌহদতে চাহ জনজাতি কল্যাণ বিভাগ আৰু বোকাখাত মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত অনুষ্ঠিত আন এক কাৰ্যসূচীত মহকুমাটোৰ চাহ বাগিছা সমূহৰ ১৪২ গৰাকী লাইন চকীদাৰক একোখনকৈ চাইকেলো প্ৰদান কৰে মন্ত্ৰী অতুল বৰাই । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশ লয় বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱে ।

*********