কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় ধানবাৰী চাৰ' গাওঁত কৃষকৰ মাজত আৰণ্যকৰ লাইট বিতৰণ :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় ধানবাৰী চাৰ' গাওঁত কৃষকৰ মাজত আৰণ্যকৰ লাইট বিতৰণ  :
Aiidesh Photo
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় ধানবাৰী চাৰ' গাওঁত কৃষকৰ মাজত আৰণ্যকৰ লাইট বিতৰণ  :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় ধানবাৰী চাৰ' গাওঁত কৃষকৰ মাজত আৰণ্যকৰ লাইট বিতৰণ  : 


Aiidesh News : 26 November  :


দেশৰ আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকৰ উদ্যোগত শুক্ৰবাৰৰ দিনা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সীমাতে থকা ধানবাৰী চাৰ' গাওঁৰ কৃষকৰ মাজত উচ্চ প্ৰযুক্তিৰ চাৰ্জ কৰিব পৰা লাইট আৰু টৰ্চ লাইট বিতৰণ কৰা হয় ৷ পথাৰৰ ধান চপাবৰ সময়ত বন্যপ্ৰাণীৰ পৰা শস্য ৰক্ষাৰ সহায়ক হোৱাৰ বাবেই আৰণ্যকে এই পদক্ষেপ হাতত লয় ৷ এই উপলক্ষ্যে ধানবাৰীৰ চাৰ' গাওঁত অনুষ্ঠিত এক সভাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰা, আৰন্যকৰ জেষ্ঠ সমন্বয়ক মানস কুমাৰ ভট্টচাৰ্য্য,  বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়া,  ডেৰাদুনৰ বন্যপ্ৰাণী গৱেষণা প্ৰতিষ্ঠানৰ গৱেষক জ্যোতিষ ৰঞ্জন ডেকা, সমাজ কৰ্মী চাজাদ আহমেদৰ উপৰিও চৰকাৰী গাওঁ বুঢ়া বলিন চাৰ' আৰু গাওঁৰ কৃষক সকল উপস্থিত থাকে ৷ বন্যপ্ৰাণীৰ নিৰাপত্তা আৰু বন্যপ্ৰাণী আৰু মানুহৰ মাজত হ'ব পৰা সংঘাত নিয়ন্ত্ৰনৰ বাবে আৰণ্যকে কৃষকৰ মাজত চাৰ্জ কৰিব পৰা লাইট বিতৰণ কৰাৰ বাবে বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰাই আৰণ্যকক ধন্যবাদ জনায় ৷ 

********