কেন্দ্ৰীয় চৰকাৰ সাজু হৈছে আনি এখন আইন সংশোধনৰ বাবে

গৰিকত্ব সংশোধনী আইনৰ পিছত কেন্দ্ৰীয় চৰকাৰ সাজু হৈছে আনি এখন আইন সংশোধনৰ বাবে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰিছে পৰিৱেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা( The Environment impact Assessment notification)২০২০। ল’ক ডাউনৰ মাজতে খচৰা প্ৰস্তুত কৰি ৰাজহুৱা শুনানিৰ বাবে মুকলি কৰিছে। অহা ১১ আগষ্টত অন্ত পৰিব ৰাজহুৱা শুনানিৰ দিন।’ক ডাউনৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু মন্ত্ৰণালয়ে ২৩ মাৰ্চ ২০২০ তাৰিখে প্ৰকাশ কৰে পৰিৱেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা, ২০২০। আশংকা কৰা হৈছে যে, যদি বিধেয়কখন আইনত পৰিণত হয় তেন্তে উত্তৰ-পূৰ্বাঞ্চলত পৰিব সৰ্বাধিক প্ৰভাৱ। এই বিধেয়কখনে পৰিৱেশ প্ৰদূষণ আৰু বন ধ্বংসক বৈধতা প্ৰদান কৰিছে বুলি অভিযোগ কৰা হৈছে।সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে মেঘালয়ৰ খাচী ছাত্ৰ সন্থাই উত্তৰ-পূৱৰ বাবে প্ৰত্যাহ্বান স্বৰূপ বিধেয়কখনৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে।