দেইথৰৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ উদ্যোগত চাৰ্থে তেৰণ গাঁৱত বিশেষ শিবিৰ ৰূপায়ণ :

দেইথৰৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ উদ্যোগত চাৰ্থে তেৰণ গাঁৱত বিশেষ শিবিৰ ৰূপায়ণ  :
Aiidesh Photo
দেইথৰৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ উদ্যোগত চাৰ্থে তেৰণ গাঁৱত বিশেষ শিবিৰ ৰূপায়ণ  :

Aiidesh News  : 30 December - 2023 :

কাৰ্বি আংলং জিলাৰ দেইথৰৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ অধীনত সপ্তাহজোৰা কাৰ্যসূচীৰে জিলাখনৰ দেইথৰৰ চাৰ্থে তেৰণ গাঁৱত বিশেষ শিবিৰ অনুষ্ঠিত কৰে । গাওঁখনত ২১ ৰ পৰা ২৭ ডিচেম্বৰলৈকে আয়োজিত এই শিৱিৰত প্লাষ্টিক আৱৰ্জনাৰ ব্যৱস্থাপনাক মূল বিষয় হিচাপে লৈ অনুষ্ঠিত শিবিৰত ছাত্ৰ ছাত্ৰী সকলে এই সম্পৰ্কে জৰীপ কৰাৰ লগতে গাঁওখন প্লাষ্টিক আৱৰ্জনামুক্ত কৰিবৰ বাবে ব্যাপক স্বচ্ছতা কাৰ্যসূচী গ্ৰহণ কৰে । গাঁওবাসীৰ সহযোগত পাহাৰৰ পৰা বাঁহ সংগ্ৰহ কৰি গাঁওখনৰ ঠায়ে ঠায়ে বাঁহেৰে ডাষ্টবিনো নিৰ্মাণ কৰে । গাঁওখনত অৱস্থিত প্ৰাথমিক বিদ্যালয়খন পৰিস্কাকৰ কৰাৰ উপৰিও বিদ্যালয়ৰ প্ৰৱেশদ্বাৰ নিৰ্মাণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীক শ্ৰেণীত পাঠদানতো স্বেচ্ছাসেৱক ছাত্ৰ ছাত্ৰীয়ে  বিদ্যালয়খনৰ শিক্ষকসকলক সহায় আগবঢ়ায় । শিবিৰৰ অন্তিমটো দিনত দেইথৰৰ বনানিকৰণ বিভাগ আৰু বিবেকানন্দ কেন্দ্ৰ এন আৰ এল চিকিৎসালয়ৰ সহযোগত গাঁওবাসীৰ মাজত বিক্ষ ৰোপণৰ গুৰুত্ব, স্বাস্থ্য আৰু পৰিস্কাৰ পৰিচ্ছনতা সম্পৰ্কে এখনি সজাগতামূলক সভা আয়োজন কৰাৰ লগতে বিনামূলীয়া স্বাস্থ্য শিবিৰৰো আয়োজন কৰে ৷ সজাগতামূলক সভাত বনানিকৰণ বিভাগৰ দেইথৰৰ ভাৰপ্ৰাপ্ত বিষয়া শান্তিৰাম ৰংফাৰ, সমাজকৰ্মী মৌচুমী সিনহাই ভাষণ প্ৰদান কৰে আৰু চিকিৎসা শিবিৰত ডা: কৰৱী শইকীয়াই চিকিৎসা সেৱা আগবঢ়ায়।

মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° দীপক কুমাৰ বৰাই সভাপতিত্ব কৰা সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নুমলীগড় শোধনাগাৰৰ কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক বিনোদ গগৈ । এই অনুষ্ঠানত গাঁওবাসী আৰু অতিথিসকলে স্বেচ্ছাসেৱক ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ সেৱাৰ বাবে প্ৰশংসা কৰে । এই অনুষ্ঠানতেই তেওঁলোকে কৰা জৰীপৰ প্ৰতিবেদন পাঠ আৰু প্লাষ্টিক আৱৰ্জনাৰ পৰা নিৰ্মাণ কৰা সজাব আৰু পুনৰ ব্যৱহাৰ কৰিব পৰা সামগ্ৰীও প্ৰদৰ্শন  কৰে । ইয়াৰ উপৰিও নিও ইণ্ডিয়া লিটাৰেচি প্ৰগ্ৰাম সম্পৰ্কীয় নিৰ্দেশনা ৰূপায়ণৰ বাবে পোন্ধৰ বছৰৰ উৰ্দ্ধৰ পঢ়াৰ প্ৰতি আগ্ৰহী ব্যক্তিসকলক চিনাক্ত কৰি উলিওৱা হয় । শিবিৰটোত মুঠ ষোল্ল জন স্বেচ্ছাসেৱকৰ লগতে ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ কাৰ্যক্ৰম বিষয়া ড° ধ্ৰুৱ জ্যোতি দলে অংশগ্ৰহণ কৰে । 

********