বোকাখাত নগৰত পথ দুৰ্ঘটনা : ঘটনাস্থলীতে এজন মটৰচাইকেল আৰোহীৰ মৃত্যু : গুৰুত্বৰ ভাৱে আহত এজন :

বোকাখাত নগৰত পথ দুৰ্ঘটনা : ঘটনাস্থলীতে এজন মটৰচাইকেল আৰোহীৰ মৃত্যু : গুৰুত্বৰ ভাৱে আহত  এজন :
REPRESENTATIONAL PIC

Aiidesh News : 23 November 2023 : 

বোকাখাত নগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় পথাংশত আজি সন্ধ্যা সংঘৰ্টিত হোৱা এক পথ দুৰ্ঘটনাত এজন মটৰ চাইকেল  আৰোহী যুৱক ঘটনাস্থলীতে নিহত হোৱাৰ উপৰিও আন এজন যুৱক গুৰুত্ব ভাৱে আহত হয় ৷ জানিব পৰা মতে যোৰহাটৰ দিশৰ পৰা কঁহৰাৰ দিশে গৈ থকা আৰ জে ৪২ জি এ ৪৭৬৬ নম্বৰৰ মালবাহী ট্ৰেইলাৰ খনত বোকাখাত নগৰৰ সত্যনাৰায়ন মন্দিৰৰ সমীপত এ এচ ০৫ আৰ ৩২৭৫ বাইকখনেৰে যোৱা দীপজ্যোতি ঘোষ আৰু অঞ্জন শইকীয়া নামৰ যুৱকদ্বৰে একে দিশেৰে গৈ পিচফালে খুন্দা মাৰে ৷ ফলত  দীপজ্যোতি ঘোষ নামৰ মটৰ চাইকেল আৰোহী যুৱকজন ট্ৰেইলাৰ খনৰ পিচৰ চকাৰ তলত সোমাই পৰি আকাল মৃত্যুক সাৱতি লয় ৷ তেওঁৰ লগত একেখন মটৰ চাইকেলতে যোৱা অঞ্জন শইকীয়া নামৰ যুৱকজন মটৰ চাইকেলৰ পৰা চিটিকি পৰি আহত হয় ৷ নিহত দীপজ্যোতি ঘোষৰ ( ২৪ ) ঘৰ বোকাখাতৰ ক’লাখোৱাৰ আমতলৰ বুলি জানিব পৰা গৈছে ৷ আহত অঞ্জন শইকীয়া ৰ (২০) ঘৰ বোকাখাতৰ তিনি নম্বৰ ৱাৰ্ড বিষ্ণুপুৰত বুলি জানিব পৰা গৈছে ৷ ইফালে ট্ৰেইলাৰ খনৰ চকাত আৱদ্ধ হৈ থকা দীপজ্যোতি ঘোষৰ মৃতদেহ উদ্ধাৰ কৰে বোকাখাত আৰক্ষীয়ে ৷ আহত অঞ্জন শইকীয়াক বোকাখাত অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদানৰ পিচত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷

*********