বোকাখাতত পোহনীয়া কুকুৰৰ বাবে জলাতংক ৰোগৰ বিনামুলীয়া প্ৰতিষেধক চিটা প্ৰদান শিৱিৰ :
Aiidesh News : 29 April - 2024 :
বোকাখাতৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ চৌহদত আজি পোহনীয়া কুকুৰৰ জলাতংক ৰোগৰ বিনামুলীয়া প্ৰতিষেধক চিটা প্ৰদান শিৱিৰ অনুষ্ঠিত হয় ৷ বোকাখাতৰ পশু পালন আৰু চিকিৎসা বিভাগৰ উদ্যোগত আয়োজিত এই প্ৰতিষেধক প্ৰদান শিৱিৰত বোকাখাতৰ বিভিন্ন প্ৰান্তৰ মুঠ ১২০ টা বিভিন্ন প্ৰজাতিৰ পোহনীয়া কুকুৰক জলাতংক ৰোগৰ বিনামুলীয়া প্ৰতিষেধক প্ৰদান কৰা হয় ৷
বোকাখাতৰ ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসক ডা৹ ৰাজশ্ৰী ভূঞা আৰু ব্লক চিকৎসালয়ৰ পশু চিকিৎসক ডা৹ তন্ময় মেধিৰ নেতৃত্বত আয়োজিত এই বিনামুলীয়া চিটাকৰণ শিৱিৰত পশু চিকিৎসক ডা৹ যোগেশ্বৰ বৰি, ডা৹ দেৱাশীষ শইকীয়াৰ উপৰিও পশুচিকিৎসা ক্ষেত্ৰ সহায়ক উজ্জল গগৈ, চিন্ময় চন্দন বৰা, শ্ৰীমন্ত হাজৰিকা, কিংশুকৰাজ শইকীয়া, অংকুৰ গগৈ, ৰক্তিম শইকীয়া, কাৰ্যালয়ৰ কৰ্মচাৰী বিশ্বনাথ ৰামচিয়াৰী, প্ৰেৰণা ৰাজখোৱাৰ লগতে ক্ষেত্ৰ সাহায়ক প্ৰশিক্ষাৰ্থী সকলেও সেৱা আহবঢ়ায় ৷ শিৱিৰত পোহনীয়া কুকুৰৰ লগতে অভিভাৱক সকলেও পুৱাৰে পৰা বোকাখাত পশু চিকিৎসালয়ত ভিৰ কৰে ৷ সমবেত হোৱা লোক সকলৰ আগত পোহনীয়া কুকুৰৰ প্ৰতিপালন, চিকিৎসা আৰু প্ৰতিষেধক প্ৰদানৰ বিষয়ে মত বিনিময় কৰি সজাগতা সৃষ্টি কৰা হয় ৷ অনুষ্ঠানত জেষ্ঠ পশু চিকিৎসক ডা৹ বিশ্বজিত বৰুৱা আৰু ডা৹ পম্পী দেউৰীও উপস্থিত থাকে ৷
*********