মই মূর্খ’ নিউজিলেণ্ডৰ স্বাস্থ্য মন্ত্রীয়ে কলে

মই মূর্খ’ নিউজিলেণ্ডৰ স্বাস্থ্য মন্ত্রীয়ে কলে

কৰ’না ভাইৰাছৰ কাৰণে ঘোষণা কৰা লকডাউন সত্ত্বেও ‘মাউণ্টেইন বাইকিঙ’লৈ যোৱা আৰু পৰিয়ালক লৈ ২০ কিল’মিটাৰ গাড়ী চলাই সাগৰৰ পাৰত খোজকাঢ়িবলৈ যোৱাৰ কাৰণে নিউজিলেণ্ডৰ স্বাস্থ্য মন্ত্রী ডেভিদ ক্লার্কক পদৰ পৰা অৱনমিত কৰা হৈছে৷

সহযোগী বিত্ত মন্ত্রী হিচাপে তেওঁৰ ভূমিকা কর্তন কৰা হৈছে৷ মন্ত্রীজনে নিজকে ‘মূর্খ’ বুলি স্বীকাৰ কৰে৷ প্রধানমন্ত্রী জেচিণ্ডা মার্র্নে কয় যে আন সময়ত হোৱা হ’লে তেওঁ ক্লার্কক বর্খাস্ত কৰিলেহেঁতেন৷ কিন্তু এতিয়া কভিড-১৯ৰ বিৰুদ্ধে যুঁজৰ সময়ত তেওঁৰ প্রয়োজন আছে৷