চৰকাৰী সাহায্য নোপোৱা অসহায় মহিলাৰ গৃহ নিৰ্মাণ তিমতিমীয়া ৰাইজৰ

চৰকাৰী সাহায্য নোপোৱা অসহায় মহিলাৰ গৃহ নিৰ্মাণ তিমতিমীয়া ৰাইজৰ
গৃহ নিৰ্মাণ তিমতিমীয়া ৰাইজৰ

 নীতিতকৈ দুৰ্নীতিত নিমজ্জিত গাঁও পঞ্চায়ত সমূহৰ লগত ৫২ নং দক্ষিণ চৰাইবাহী গাঁও পঞ্চায়তৰ নামো সাঙোৰ খাইছে। এইখন পঞ্চায়ত যোৰহাট বাঘচোং উন্নয়ন খণ্ডৰ অন্তৰ্গত। পঞ্চায়ত কাৰ্যালয়ৰ সমীপতে ১০ নং বাঘমৰীয়া খণ্ডত অৱস্থিত নামনি তিমতিমীয়া গাঁৱৰ বয়োজ্যেষ্ঠা নিৰদা গগৈ এগৰাকী ছোৱালীৰ সৈতে ভাবিব নোৱাৰা জৰাজীৰ্ণ অৱস্থাত থকা দেখি-শুনিও ৰাইজৰ প্ৰতিনিধিয়ে সহায়ৰ বাবে কাণ-সাৰ নিদিলে। পঞ্চায়তৰ প্ৰতিনিধিয়ে গৃহ দিয়াৰ কথা কৈ দুৰ্ভগীয়া বিধবা গৰাকীৰ চহী নিয়ে যদিও, থাকিবলৈ চালি এখনো নাপালে। কাৰো এটকাও হাত নকৰা সহজ-সৰল বয়োজ্যেষ্ঠা নিৰদা গগৈৰ ঘৰটো অৱশেষত দক্ষিণ যোৰহাটৰ নামনি তিমতিমীয়াৰ চুবুৰীয়া তথা গাঁৱৰ ৰাইজে নিৰ্ম্মাণ কৰি দিয়ে। এই কাৰ্যত নৱ প্ৰজন্মৰ সহাঁৰি উল্লেখযোগ্য। সহযোগিতা আগবঢ়ালে সংবাদ মাধ্যমেও। সৰ্বাইবন্ধাৰ স্বেচ্ছাসেৱী অনুষ্ঠান 'বৰ্ণাভ'ৰ যুৱক-যুৱতীসকলেও বিছনা সাজি দিয়ে। অন্যহাতে, একে পঞ্চায়ত একে খণ্ডৰ উজনি তিমতিমীয়া গাঁৱৰ চৰ্দাৰ আলি সমীপৰ এগৰাকী বিধবা মঞ্জুলা গগৈৰ বাসচালিখনৰো অৱস্থা তথৈবচ হৈ আছিল। কাণ-সাৰ দিয়া নাই সেই একেই একেই জনপ্ৰতিনিধিয়ে। সেয়ে, গাঁৱৰ কেইবাজনো যুৱকৰ প্ৰযত্নত পঁজাৰ মেৰামতি কৰি দিয়া হয়। বিশ্বত কৰ'না ভাইৰাছৰ আতংকৰ পৰিপ্ৰেক্ষিতত দেশত ল'কডাউনেৰে সংক্ৰমণ প্ৰতিৰোধৰ বাবে দিয়া নিৰ্দেশনা মানি আৰু মহামাৰীৰ ভয়াবহতাৰ প্ৰতি ল'ব লগা সাৱধানেৰে ৰাইজ সেৱা কৰ্মলৈ আগবাঢ়ি আহে। পৰোপকাৰত ব্ৰত লোক সমাজত শেষ হোৱা নাই বাবেই এনে দুৰ্দশাগ্ৰস্তই এই বাৰিষা কালত বতাহ-ধুমুহা, বৰষূণৰ পৰা সাময়িকভাৱে সকাহ পাইছে। স্থায়ী সমাধান চৰকাৰে দিবই লাগিব বুলি ৰাইজে দাবী উত্থাপন কৰিছে। এনে লোক চৰকাৰী আঁচনিৰ আওঁতাত নপৰাতো অতি পৰিতাপৰ বিষয় বুলি ৰাইজে মতপোষন কৰিছে।

 

বিনোদ গগৈ, দক্ষিণ যোৰহাট