বোকাখাত আৰক্ষী থানাত কভিড ১৯ সংক্ৰমন : মহিলা কনিষ্টবল আক্ৰান্ত :

বোকাখাত আৰক্ষী থানাত কভিড ১৯ সংক্ৰমন  : মহিলা কনিষ্টবল আক্ৰান্ত :
Photo : Uttam Saikia

বোকাখাত আৰক্ষী থানাত কভিড ১৯ সংক্ৰমন  : মহিলা কনিষ্টবল আক্ৰান্ত : 


AIIDESH NEWS. 27 July : 


বোকাখাত আৰক্ষী থানাৰ মহিলা কনিষ্টবল ৰিতুমনি শইকীয়াৰ শৰীৰত কভিড ১৯ ৰ সংক্ৰমন ধৰা পৰিছে ৷ যাৰ বাবে বোকাখাত আৰক্ষীৰ মাজত হাহাকাৰ সৃষ্টি হৈছে ৷ মহিলা কনিষ্টবল গৰাকীৰ শৰীৰলৈ কভিড ১৯ ৰ সংক্ৰমন কেনেকৈ হ'ল সেইয়া এতিয়াও নিশ্চিত হোৱা নাই যদিও অলপতে মনিপুৰৰ চূড়াচান্দ পুৰৰ পৰা গ্ৰেপ্তাৰ কৰি অনা এজন দূধৰ্ষ চোৰাং চিকাৰীক বোকাখাত আৰক্ষীৰ জিম্মাতে কৰা স্বোৱাব পৰীক্ষাত যোৱা ২০ জুলাইত তেওঁৰ শৰীৰত কভিড ১৯ ৰ সংক্ৰমন পোৱা গৈছিল ৷ এই ঘটনাৰ এটা সপ্তাহৰ পাচত বোকাখাত আৰক্ষীৰ কনিষ্টবল ৰিতুমনি শইকীয়াৰ শৰীৰত কভিড ১৯ ৰ সংক্ৰমন ধৰা পৰিছে ৷ ৰিতুমনি শইকীয়াৰ শৰীৰত আজি কভিড ১৯ ৰ সংক্ৰমন পোৱাৰ পাচত আৰক্ষী কনিষ্টবল গৰাকীক কহঁৰাত থকা কভিড চিকিৎসাললৈ প্ৰেৰণ কৰা হয় ৷ ৰিতুমনি শইকীয়াৰ লগতে তেওঁৰ স্বামীৰো স্বোৱাব টেষ্ট কৰা হৈছিল যদিও তেওঁৰ শৰীৰত কভিড ১৯ ৰ সংক্ৰমণ পোৱা হোৱা নাই বুলি জানিব পৰা গৈছে ৷ কোৱাৰেন্টাইন কৰিছে বোকাখাতৰ মহকুমা প্ৰশাসনে ৷ মহিলা কনিষ্টবল গৰাকীৰ শৰীৰত কভিড ১৯ সংক্ৰমণ পোৱাৰ পাচত বোকাখাত আৰক্ষী থানাৰ সকলোকে স্বোৱাব টেষ্ট কৰা হব বুলি জানিব পৰা গৈছে ৷ ইয়াৰ বিপৰীতে বোকাখাতৰ আৰক্ষী থানা খনত বিভিন্ন প্ৰতিৰোধ ব্যৱস্থা লোৱা হ'ব যদিও কন্টাইনমেন্ট জ'ন কৰিব পৰা নাযাব বুলি জনাইছে বোকাখাতৰ মহকুমাধিপতিয়ে ৷ ইফালে বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰত থকা থকা পূৰ্ণ ছেত্ৰী নামৰ এজন ব্যক্তিৰ শৰীৰতো কভিড ১৯ ৰ সংক্ৰমন পোৱা গৈছে ৷