লকডাউনৰ নিয়ম নমনা লোকৰ পৰা ৮৭,১৮,৯০০ টকা জৰিমনা সংগ্ৰহ

লকডাউনৰ  নিয়ম নমনা লোকৰ পৰা ৮৭,১৮,৯০০ টকা জৰিমনা সংগ্ৰহ
লকডাউনৰ নিয়ম

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ লকডাউন ঘোষণা কৰাৰ পিছতো  একাংশ লোকে কোনো কাৰণ নোহোৱাকৈ ৰাজপথলৈ গাড়ী, মটৰ চাইকেল লৈ ওলাই ফুৰিছে৷ কোভিড–১৯ৰ চেইনডাল ভংগ কৰাৰ বাবে দিয়া লকডাউনত উলংঘা কৰিছে ৰাজ্যৰ বহুসংখ্যক লোকে৷ প্ৰথম পৰ্যায়ৰ লকডাউনৰ সমানে দ্বিতীয় পৰ্যায়তো একাংশ লোকে ভংগ কৰিছে আইন৷ তাৰ লগে লগে অসম আৰক্ষীয়েও সেই লোকসকলৰ বিৰুদ্ধে গ্ৰহণ কৰিছে আইনী ব্যৱস্থা৷

২৪ মাৰ্চত লকডাউন ঘোষণা হোৱাৰ পৰা ২১ এপ্ৰিলৰ বিয়লিলৈকে অসম আৰক্ষীয়ে জব্দ কৰিছে ১৬,১০২খন বাহন৷ ইয়াৰে ১৪,৬২০খন দুচকীয়া, ১৭১খন তিনিচকীয়া, ১২৮৫খন চাৰিচকীয়া, ১৩খন ট্ৰাককে ধৰি দেশীয় নাও আৰু মেচিন নাও জব্দ কৰিছে৷ অকল যান–বাহন জব্দ কৰাই নহয়, ১০৮৭টা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে ১৯৫৫জন লোকক৷ জৰিমনা সংগ্ৰহ কৰিছে ৮৭,১৮,৯০০ টকা৷

লকডাউনৰ সময়চোৱাত অপৰাধমূলক ঘটনা সংঘটিত হৈছে ১৯২৪টা৷ আইন–শৃংখলাজনিত ঘটনা সংঘটিত হৈছে ৫টা, য’ত দৰং জিলাত এটা, ডিব্ৰুগড়ত এটা, নগাঁৱত এটা, চিৰাঙত এটা, শোণিতপুৰত সংঘটিত হৈছে এটা ঘটনা ৷ ইয়াৰ লগত উৰাবাতৰি তথা ছচিয়েল মিডিয়াত ভুৱা বাতৰিৰ ক্ষেত্ৰটো লৈছে কঠোৰ পদক্ষেপ৷ ছচিয়েল মিডিয়াত উৰাবাতৰি বিয়পোৱা লোকৰ বিৰুদ্ধে ৰুজু কৰিছে ৮৫টা গোচৰ, গ্ৰেপ্তাৰ কৰিছে ১৬জনক৷ য’ত আছে ধিঙৰ বিধায়ক আমিনুল ইছলামো৷

আনহাতে CrPCৰ 41(A) ধাৰাত ১৫ জনক জাননী দিছে আৰক্ষীয়ে৷ অসম আৰক্ষীয়ে সমগ্ৰ ৰাজ্যতে ২১টা স্থানত containment zone ঘোষণা কৰিছে৷

লকডাউনৰ সময়ছোৱাত এই বৃহৎ সংখ্যক যান বাহন জব্দ কৰাৰ লগতে প্ৰায় ৯০ লাখ টকা এমাহতকৈয়ো কম সময়ত জৰিমনা বিহাটোৱে এটা কথা স্পষ্ট কৰিছে এতিয়াও একাংশ লোকে গুৰুত্ব সহকাৰে লোৱা নাই লকডাউনক৷ আমাৰ আহ্বান ঘৰত থাকক সুৰক্ষিত থাকক৷