জৈৱ বৈচিত্ৰৰ সংৰক্ষণ আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ সম্পৰ্কত নাগালেণ্ডত আৰণ্যকৰ বিশেষ কৰ্মশালা : নাগালেণ্ডৰ বনকৰ্মী আৰু আৰক্ষীৰ অংশগ্ৰহন :

জৈৱ বৈচিত্ৰৰ সংৰক্ষণ আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ সম্পৰ্কত  নাগালেণ্ডত আৰণ্যকৰ বিশেষ কৰ্মশালা : নাগালেণ্ডৰ বনকৰ্মী আৰু আৰক্ষীৰ অংশগ্ৰহন  :
Aiidesh Photo

Aiidesh News  :  24 June  :

বন্যপ্ৰাণীৰ দেহাংশ আৰু বন্যপ্ৰাণীৰ অংগৰ পৰা তৈয়াৰী সামগ্ৰীৰ অবৈধ ব্যৱসায় অসমৰ লগতে নাগালেণ্ড, মণিপুৰ উত্তৰ পুৰ্বাঞ্চলৰ পৰা ম্যানমাৰলৈকে প্ৰসাৰিত ৷ বন্যপ্ৰাণীৰ এই ব্যৱসায় আৰু অপৰাধ নিয়ন্ত্ৰনৰ বাবে এই সমগ্ৰ অঞ্চলটোত নিয়োজিত বনকৰ্মী, আৰক্ষী বাহিনী আৰু সীমান্ত সুৰক্ষা বাহিনীকে ধৰি  আইন প্ৰৱৰ্তনকাৰী সংস্থাসমূহ সক্ৰিয় আৰু অধিক সতৰ্ক হৈ থকাতো অতি প্ৰয়োজন ৷ 

এনে পটভুমিতে উত্তৰ পুৰ্বাঞ্চলৰ অগ্ৰণী প্ৰকৃতি সংগঠন, আৰণ্যকে নাগালেণ্ড চৰকাৰৰ ৰাজ্যিক জৈৱ বৈচিত্ৰ্য আয়োগৰ ৰ সহযোগত ৰাজ্য খনৰ বনকৰ্মী আৰু আৰক্ষীৰ বাবে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু বন্যপ্ৰাণী অপৰাধ সজাগতা সম্পর্কে এক কর্মশালা ২৩ জুনত নাগালেণ্ডৰ ৰাজধানী কোহিমাত  অনুষ্ঠিত কৰে ৷

অনুষ্ঠানত অংশগ্ৰহন কৰি নাগালেণ্ড চৰকাৰৰ ৰাজ্যিক জৈৱ বৈচিত্ৰ্য আয়োগৰ অধ্যক্ষ সত্য প্রকাশ ত্রিপাঠীয়ে নাগালেণ্ডত বন্যপ্রাণী অপৰাধৰ স্থিতিৰ ওপৰত এক পৰ্যালোচনা দাঙি ধৰে ৷ লগতে বন্যপ্ৰাণী অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়া আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্রয়োজনীয়তাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে । আৰণ্যকৰ মুখ্য কাৰ্যবাহী বিষয়া ড০ বিভব কুমাৰ তালুকদাৰে বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰনৰ ক্ষেত্ৰত এই সম্পৰ্কীয় তথ্যৰ আদান-প্ৰদান কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত বক্তব্য দাঙি ধৰি বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণৰ বাবে এক শক্তিশালী নেটৱৰ্ক গঢ়ি তোলাৰ বাবে আহ্বান জনায় ৷ 

অনুষ্ঠানত নাগালেণ্ডৰ বন সংৰক্ষক কে. হ্বকাটো চিচিয়ে উপস্থিত থাকি মন্তব্য প্ৰকাশ কৰি কয় যে নাগা লোকসকলৰ মাজত চিকাৰ জীৱন আৰু জীৱিকাৰ উৎস হলেও ৰাজ্যখনৰ ৬০ শতাংশতকৈও অধিক লোকে বন্যপ্ৰাণী সংৰক্ষণত সহায় কৰি আহিছে ।

বনকৰ্মী আৰু নাগালেণ্ড আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰা এই কর্মশালাখন অংশগ্ৰহনকাৰী সকলক সম্বোধন কৰি কোহিমাৰ আৰক্ষী অধীক্ষক কেভিথুটো ছফিয়ে উল্লেখ কৰে যে নাগালেণ্ডৰ জনসাধাৰণ, যি প্রকৃতিক বুজি পায়, তেওঁলোকক বন্যপ্রাণী অপৰাধ প্ৰতিৰোধ প্ৰচেষ্টাৰ এটা অংশ কৰিব লাগিব । আৰণ্যকৰ জ্যেষ্ঠ প্ৰৱন্ধক ড০ জিমি বৰাই, "বিশ্ব আৰু উত্তৰ পুৰ্বাঞ্চলৰ পটভুমিত গঁড় আৰু বাঘ আৰু বন্যপ্ৰাণী অপৰাধৰ অৱলোকন সম্পর্কত এক সচিত্ৰ উপস্থাপন দাঙি ধৰি বন্যপ্ৰাণীৰ ব্যৱসায় আৰু ইয়াৰ প্ৰতিৰোধ আইনৰ বিষয়ে আলোচনা কৰে । আৰণ্যকৰ প্ৰকল্প বিষয়া আইভি ফাৰহিন হুছেইনে, স্থানীয় পৰ্যায়ত বন্যপ্রাণী অপৰাধ আৰু অঞ্চলটোৰ সাধাৰণ বন্যপ্ৰাণী অপৰাধৰ কার্যপ্রণালীৰ ওপৰত আন এক সচিত্ৰ উপস্থাপন আগবঢ়ায় ।

আৰণ্যক সচিব প্ৰধান ড৹ বিভৱ কুমাৰ তালুকদাৰৰ মতে এনে ধৰণৰ কর্মশালাৰ জড়িয়তে নাগালেণ্ডৰ বনকৰ্মী আৰু আৰক্ষী বিষয়াসকলে আৰু অধিক দক্ষতাৰে বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰন কৰিবলৈ সক্ষম হ'ব বুলিও মন্তব্য কৰে  |

******