ঢেকিয়াজুলিত বন্যহস্তীৰ তাণ্ডৱ

ঢেকিয়াজুলিত বন্যহস্তীৰ তাণ্ডৱ
বন্যহস্তীৰ তাণ্ডৱ

 

হাৰমতী আঞ্চলিক বনবিভাগৰ অন্তৰ্গত লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৰ এক বিস্তীৰ্ণ অঞ্চলত আজি কিছুদিন ধৰি হাতীৰ প্ৰৱেশ কৰাৰ কথা বনবিভাগে জানিও যিধৰণে পদক্ষেপ ল'ব লাগিছিল, সেইধৰণৰে নোলোৱাৰ গাওঁবাসীয়ে অভিযোগ তুলিছে ৷ উত্তৰ লালুক পঞ্চায়তৰ অন্তৰ্গত ৩নং ঢেকিয়াজুলি কৃষ্ণপুৰ ৰাজগড় গাঁৱত এটা বনৰীয়া হাতীয়ে তাণ্ডৱৰ সৃষ্টি কৰি গাঁওখনৰ তুলাৰাম মগৰ নামৰ ব্যক্তিজনৰ ঘৰটো পুৱতি নিশা ভাঙি চুৰ্চুমৈ কৰে।

খাদ্যসংকটত ভুগি ভৈয়ামলৈ খাদ্য বিচাৰি অহা হাতীটোৰ পৰা কথমপি প্ৰাণৰক্ষা পৰে পৰিয়ালটোৰ চাৰিজন সদস্য ।

আনহাতে, স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি অৰুণাচল সীমান্তৱৰ্তী এই অঞ্চলত পাহাৰ কাটি একাংশ অৰুণাচলীয়ে বাসগৃহ নিৰ্মাণ কৰাৰ লগতে পকীপথ নিৰ্মাণ কৰাৰ ফলত খাদ্যসংকটত ভুগি বসতিপ্ৰধান এই অঞ্চলসমূহলৈ নামি আহে বন্যহস্তী । কিন্তু ইমানৰ পিছতো বন বিভাগে মুঠেও গুৰুত্ব দিয়া নাই সমগ্ৰ বিষয়টি ।

আজি দুৰ্ভগীয়া ৰ্পৰিয়ালটোৰ ঘৰত গাভৰু জিলা পৰিষদৰ সদস্য অনন্ত নেওগ উপস্থিত হৈ পৰিয়ালটোক সহায়ৰ হাত আগবঢ়ায় । আনহাতে স্থানীয় গাঁওবাসীয়েও দুৰ্ভগীয়া পৰিয়ালটোৰ ভগ্নপ্ৰায় বাসগৃহটো নিৰ্মাণত সহায় আগবঢ়াই সমমৰ্মিতা প্ৰকাশ কৰে ৷