কলিয়াবৰ মহকুমাৰ কাঞ্চনজুৰিত পথ দুৰ্ঘটনা : চাৰিজনকৈ যুৱকৰ সলিল সমাধি :

কলিয়াবৰ মহকুমাৰ কাঞ্চনজুৰিত পথ দুৰ্ঘটনা : চাৰিজনকৈ যুৱকৰ সলিল সমাধি :

কলিয়াবৰ মহকুমাৰ কাঞ্চনজুৰিত পথ দুৰ্ঘটনা : চাৰিজনকৈ যুৱকৰ সলিল সমাধি : 

Aiidesh News : 28 June  :

কলিয়াবৰৰ মহকুমাৰ কাঞ্চনজুৰিত আজি পুৱা এক পথ দুৰ্ঘটনা সংঘটিত হয় ৷ পথ দুৰ্ঘটনাত নিয়ন্ত্ৰণ হেৰুৱাই এখন হোণ্ডাই আউৰা গাড়ী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ দ-খাৱৈত সোমাই পৰে ৷ ফলত ঘটনাস্থলীতে নিহত হয় গাড়ীখনত অহা চাৰিজনকৈ আৰোহী । পানীত দুৰ্ঘটনাত পতিতহৈ পানীত ডুবি যোৱা গাড়ীখনৰ আইনা ভাঙি ওলাই অাহিবলৈ সক্ষক্ষম হয় গাড়ীখনৰ এজন আৰোহী ।

প্ৰাপ্য তথ্য মতে গুৱাহাটীৰ পৰা যোৰহাটলৈ বুলি আহি থকা AS-03-AE-8003 নম্বৰৰ হোণ্ডাই গাড়ীখনে কাঞ্চনজুৰিত প্ৰৱল বৰষুণৰ মাজতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ খাৱৈত সোমাই পৰে ৷ পানীত ডুবি যোৱা গাড়ীখনৰ ভিতৰতে আবদ্ধ হৈ নিহত হয় চাৰিজনকৈ যুৱক ৷ নিহত যুৱক কেইজন হ'ল যোৰহাটৰ ৰোহিত দাস, ঋষভ দাস অংকুৰ জ্যোতি বৰা আৰু মাজুলীৰ ৰাহুল সেনাপতি । আনহাতে গাড়ীখনৰ আইনা ভাঙি ওলাই আহি প্ৰাণ ৰক্ষা পৰে যোৰহাটৰ শচীন বৰদলৈ নামৰ যুৱকজনৰ । আহত শচীন বৰদলৈক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে কলিয়াবৰ আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ পৰা উদ্ধাৰ কৰে চাৰিজনকৈ  যুৱকৰ মৃতদেহ । 

জানিব পৰা মতে নিহত ৰোহিত দাস, ঋষভ দাস আৰু ৰাহুল সেনাপতি যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ আৰু অংকুৰজ্যোতি বৰা আছিল এজন ক্ষুদ্ৰ ব্যৱসায়ী । দুৰ্ঘটনাটোত প্ৰাণ ৰক্ষা পৰা শচীন বৰদলৈ যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ।

গুৱাহাটীৰ পৰ পুৱা তিনি বজাত গুৱাহাটীৰ পৰা যোৰহাটলৈ বুলি ওলাই অহা হোণ্ডাই গাড়ী খনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ  কাঞ্চনজুৰিত দুৰ্ঘটনাত পতিত হয় ৷ গাড়ীখনে প্ৰথমে পথৰ দাঁতিৰ এটা পিলাৰত খুন্দা মাৰি পথৰ কাষৰ পানীৰে ভৰ্তি দ খাৱৈত সোমাই পৰে আৰু চাৰিজনকৈ যুৱকৰ সলিল সমাধি হয় ৷

*********