বোকাখাতত ঢৌৰ বৰ্ষপুৰ্তি : দুৰ্যোগ ব্যৱস্থাপনাৰ সজাগতা সভা :

বোকাখাতত ঢৌৰ বৰ্ষপুৰ্তি  : দুৰ্যোগ ব্যৱস্থাপনাৰ সজাগতা সভা  :
Aiidesh Photo

বোকাখাতত ঢৌৰ বৰ্ষপুৰ্তি  : দুৰ্যোগ ব্যৱস্থাপনাৰ সজাগতা সভা  :


Aiidesh News :  26 September  :


স্বেচ্ছাসেৱী সংগঠন "ঢৌ" ৰ চতুৰ্থ বর্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি "ঢৌ" ৰ উদ্যোগত আৰু অগ্নি আৰু আপদকালীন সেৱা কেন্দ্ৰৰ সহযোগত দেওবাৰৰ দিনা বোকাখাতত এটি দুৰ্যোগ ব্যৱস্থাপনা তথা সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হয় । উক্ত অনুষ্ঠানত অগ্নি আৰু আপদকালীন সেৱা কেন্দ্ৰৰ বিষয়া ধৰ্ম কুমাৰ  দাস, বোকাখাত যান-বাহন বিভাগৰ আৰক্ষী উপ পৰিদৰ্শক ৰমাকান্ত বৰা ,বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সভাপতি বুবুল দত্ত , সম্পাদক নীলো আচাৰ্য ,বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়া, ইমজা বোকাখাতৰ সাংবাদিক দিব্যজ্যোতি হাজৰিকা  উপস্থিত থাকি দুৰ্যোগ ব্যৱস্থাপনাৰ আৰু এই সম্পৰ্কীয় জন সজাগতাৰ ওপৰত বক্তব্য ৰাখে । 


এই কাৰ্যসূচীত বোকাখাত মহকুমাৰ প্ৰত্যেকখন বিদ্যালয় আৰু মহাবিদ্যলয়ত দুৰ্যোগ ব্যৱস্থাপনাৰ বিষয়ত সজাগতাৰ অনুষ্ঠান আয়োজন কৰি আৰু অধিক জন সচেতনতা অনাৰ বাবে ঢৌয়ে প্ৰচেষ্ট হাতত লব বুলি ঘোষণা কৰে । ইয়াৰ উপৰিও বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰি স্থানীয় যুৱকক "আপদ মিত্ৰ" ৰ  ব্যবহাৰিক প্ৰশিক্ষণৰ বাবে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব বুলিও জনায় ৷

***********