ডিজিটেল পদ্ধতিৰে প্রথমটো গোচৰ নিষ্পত্তি গুৱাহাটী উচচ ন্যায়ালয়ৰ

ডিজিটেল পদ্ধতিৰে প্রথমটো গোচৰ নিষ্পত্তি গুৱাহাটী উচচ ন্যায়ালয়ৰ

ডিজিটেল পদ্ধতিত শুনানি লৈ গোচৰ নিষ্পত্তি কৰিছে গুৱাহাটী উচচ ন্যায়ালয়ে৷ অধিবক্তাই ঘৰৰ পৰা ডিজিটেল পদ্ধতিত ওকালতি কৰা গোচৰ এটা আজি গুৱাহাটী উচচ ন্যায়ালয়ে নিষ্পত্তি কৰে৷ অধিবক্তাই ঘৰৰ পৰা ডিজিটেল পদ্ধতিত ওকালতি কৰা আৰু আদালতে নিষ্পত্তি কৰা আজিৰ গোচৰটোৱেই প্রথম বুলি সদৰী কৰিছে জ্যেষ্ঠ অধিবক্তা ভাস্কৰদেৱ কোঁৱৰে৷

উল্লেখযোগ্য যে লকডাউনৰ পৰিপ্রেক্ষিতত ডিজিটেল মাধ্যমত গোচৰ নিষ্পত্তি কৰিবলৈ উচচতম ন্যায়ালয়ে নির্দেশ দিছিল৷ ন্যায়ালয়ত অধিবক্তা-কর্মচাৰী তথা অন্য লোকৰ উপস্থিতি হ্রাস কৰিবলৈও নির্দেশ আছিল৷ উচচতম ন্যায়ালয়ৰ সেই নির্দেশৰ ভিত্তিত গুৱাহাটী উচচ ন্যায়ালয়ৰ ভিতৰতেই ডিজিটেল পদ্ধতিত গোচৰৰ শুনানি বা অন্য কাম-কাজ চলি আছিল যদিও অধিবক্তাই ঘৰৰ পৰা ওকালতি কৰা নাছিল৷

কিন্তু আজি এটা গোচৰত জ্যেষ্ঠ অধিবক্তা ভাস্কৰদেৱ কোঁৱৰে ডিজিটেল মাধ্যমৰ জৰিয়তে অর্থাৎ ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ঘৰৰ পৰাই ওকালতি কৰে৷ গোচৰটোৰ অধিবক্তা আদালতত উপস্থিত নোহোৱাকৈ ডিজিটেল মাধ্যমত যুক্তি শুনি বিচাৰপীঠে গোচৰটো নিষ্পত্তি কৰে৷ এনে প্রক্রিয়াৰে এইটো প্রথম গোচৰ নিষ্পত্তি হোৱা বুলি অধিবক্তা কোঁৱৰে মন্তব্য কৰিছে৷

আজিৰ এই সফলতা সন্দর্ভত সন্তুষ্টি ব্যক্ত কৰি অধিবক্তা কোঁৱৰে কয় যে ইচছা কৰিলে অধিবক্তাই এতিয়া দূৰ-দূৰণিৰ পৰা আদালতলৈ নহাকৈ গোচৰ চলোৱাতো সুচল হৈ পৰিল৷ ভৱিষ্যতৰ দিনত এই ডিজিটেল মাধ্যমৰ জৰিয়তে গুৱাহাটী উচচ ন্যায়ালয়ে গোচৰ প্রক্রিয়া আগবঢ়াই নিয়াৰ পথ প্রশস্ত কৰাটো অন্যতম প্রশংসনীয় পদক্ষেপ বুলি অধিবক্তা কোঁৱৰে মন্তব্য কৰিছে৷