কৃষি যান্ত্রিকীকৰণ উপ-আঁচনি ৰ অধীনত আবেদনকাৰী কৃষকৰ মাজত বোকাখাতত কৃষিৰ সামগ্ৰী বিতৰণ মন্ত্ৰী অতুল বৰাৰ :

কৃষি যান্ত্রিকীকৰণ উপ-আঁচনি ৰ অধীনত আবেদনকাৰী কৃষকৰ মাজত বোকাখাতত কৃষিৰ সামগ্ৰী বিতৰণ মন্ত্ৰী অতুল বৰাৰ  :
Aiidesh photo
কৃষি যান্ত্রিকীকৰণ উপ-আঁচনি ৰ অধীনত আবেদনকাৰী কৃষকৰ মাজত বোকাখাতত কৃষিৰ সামগ্ৰী বিতৰণ মন্ত্ৰী অতুল বৰাৰ  :

Aiidesh News  : 31 October - 2025 : 

অসম চৰকাৰৰ কৃষি যান্ত্রিকীকৰণ উপ-আঁচনি ৰ অধীনত আবেদনকাৰী কৃষক সকলক ৰাজ সাহায্যযুক্ত ট্রেক্টৰ, পাৱাৰ-টিলাৰ আদি অন্যান্য কৃষি-যন্ত্রপাতি ৩০ অক্টোবৰত আনুষ্ঠানিক ভাৱে বোকাখাতত বিতৰণ কৰা হয় ৷ বোকাখাতৰ মহকুমা কৃষি বিভাগৰ উদ্যোগত বোকাখাত নাট্যমন্দিৰত আয়োজিত এই অনুষ্ঠানত অসম চককাৰৰ কৃষিমন্ত্রী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰা, কাজিৰঙা লোকসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, বোকাখাতৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, জিলা কৃষি বিষয়া ৰঞ্জন বৰুৱা, মহকুমা কৃষি বিষয়া সুৰজ শইকীয়া, কৃষি বিভাগৰ অধীক্ষক অভিযন্তা ৰূপম দাস, সহকাৰী কাৰ্যবাহী অভিযন্তা মুকুট চন্দ্ৰ দাস, জিলা আয়ুক্ত পুলক মহন্ত, সমাজকৰ্মী দেৱপ্ৰদীপ বৰা আৰু অনিমেষ শইকীয়াও উপস্থিত থাকে ৷ কৃষি বিভাগৰ আজিৰ এই অনুষ্ঠানতে কৃষি যান্ত্রিকীকৰণ উপ-আঁচনি'ৰ অধীনত আবেদনক কৰা এজন কৃষক আৰু চাৰিটা আত্ম সহায়কাৰী গোটক একোখনকৈ ট্ৰেক্টৰ, ১৬ জন হিতাধিকাৰীক একোখনকৈ পাৱাৰ টিলাৰ আৰু আঠোটা সৌৰ চালিত পাম্প বিতৰণ কৰা হয় ৷  

**********