বিজেপিৰ মন্ত্ৰী, জিলা পৰিষদৰ সদস্য,পঞ্চায়ত প্ৰতিনিধিয়ে নিপিন্ধে মাক্স আৰু নামানে সামাজিক দুৰত্ব

বিজেপিৰ  মন্ত্ৰী, জিলা পৰিষদৰ সদস্য,পঞ্চায়ত প্ৰতিনিধিয়ে নিপিন্ধে মাক্স আৰু নামানে সামাজিক দুৰত্ব

উপদেশত কৈ আৰ্হিহে ভাল। কৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সকলোকে মাক্স পিন্ধা আৰু সামাজিক দুৰত্ব মানি চলাতো বাধ্যতামূলক কৰা বিজেপি চৰকাৰ খনৰ খোদ মন্ত্ৰী, জিলা পৰিষদৰ সদস্য,পঞ্চায়ত প্ৰতিনিধীয়ে নিপিন্ধে মাক্স আৰু নামানে সামাজিক দুৰত্ব।মাক্স আছে যদিও কিছুমানে ওলোমাইছে ডিঙিত আৰু কিছুমানে নাক মুখ দেখাই থুতৰিত পিন্ধিছে মাক্স। এই দৃশ্য দেখাগল মৰিয়নীত।
বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি মঙলবাৰে  মৰিয়নী সমষ্টিত শ্ৰ্ম মন্ত্ৰী Sanjay Kisan জনসম্পৰ্ক ৰক্ষা কৰাৰ এক  লক্ষ্যৰে মৰিয়নী সমষ্টিৰ দহগৰাকী বিশিষ্ট ব্যক্তিক সাক্ষাৎ কৰি দলৰ উন্নয়নৰ খতিয়ান সম্বলিত পুস্তিকা প্ৰদান কৰাৰ পাচত এখন সভাত উপস্তিত হোৱাৰ সময়ত মন্ত্ৰী তথা কোনো এজন নেতাক  মাক্স পিন্ধা বা সামাজিক দুৰত্ব মানিচলা দেখা নগল। ইয়াৰ বিপৰিতে সভাত উপস্তিত থকা সাধাৰণ লোকক মাক্স পৰিধান কৰা দেখা গল।