উত্তৰ-পূৱ কয়লা ক্ষেত্ৰ সুৰক্ষাৰ দাবীৰে মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ উদ্যোগত লিডুত গণ অভিবৰ্ত্তন

উত্তৰ-পূৱ কয়লা ক্ষেত্ৰ সুৰক্ষাৰ দাবীৰে মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ উদ্যোগত লিডুত গণ অভিবৰ্ত্তন

উত্তৰ-পূৱ কয়লাক্ষেত্ৰ ক'ল ইণ্ডিয়া লিমিটেড মাৰ্ঘেৰিটাক জীয়াই ৰখাৰ স্বাৰ্থত মাৰ্ঘেৰিটাত আজিও অব্যাহত আছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী । শেহতীয়াকৈ যোৱা ৩ জুন ২০২০ তাৰিখে উত্তৰ-পূৱ কয়লাক্ষেত্ৰ ক'ল ইণ্ডিয়া লিমিটেড মাৰ্ঘেৰিটাৰ অধীনত খননত নিয়োজিত মাইনিং কোম্পানী সমূহক এন ই চি/জি এম/২০২০/৩৪-১ নম্বৰৰ জাননী যোগে মাৰ্ঘেৰিটাৰ প্ৰৱন্ধক গৰাকীয়ে নিৰ্দেশ জাৰি কৰাৰ পিছতে উত্তাল হৈ পৰিছে সমগ্ৰ মাৰ্ঘেৰিটা। ক'ল ইণ্ডিয়া কৰ্মচাৰী, মাইনিং কোম্পানীৰ কৰ্মচাৰীৰ লগতে সমগ্ৰ মাৰ্ঘেৰিটাবাসীৰ উপৰিও বিভিন্ন দল সংগঠনেও মাৰ্ঘেৰিটাৰ আৰ্থিক ভেটিৰ স্বৰূপ ক'ল ইণ্ডিয়া লিমিটেডক বৰ্তাই ৰখাৰ বাবে অব্যাহত ৰাখিছে ধৰ্ণা, প্ৰতিবাদ আদি কাৰ্যসূচীৰ। ইয়াৰ লগতে সংগতি ৰাখি এক অংশ হিচাবে লিডু কেন্দ্ৰীয় ৰঙ্গমঞ্চত মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ উদ্যোগত উত্তৰ-পূৱ কয়লাক্ষেত্ৰ ক'ল ইণ্ডিয়া লিমিটেড মাৰ্ঘেৰিটা জীয়াই ৰখাৰ স্বাৰ্থত এক গণ অভিবৰ্ত্তন আয়োজন কৰি তেওঁলোকৰ স্থিতি স্পষ্ট কৰি দিয়ে। সন্থাৰ সভাপতি ৰামপ্ৰসাদ আম্বেদকাৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত উদেশ্য বাখ্যা কৰে সম্পাদক ৰাণাজ্যোতি নেওগে। বিশিষ্ট কবি ড° ৰঞ্জিত দত্ত, প্ৰাক্তন আছু নেতা দেৱজিত বৰুৱা, শ্ৰমিক নেতা বিপুল ৰয়, বিশিষ্ট সমাজ সেৱক অশ্বিনী গগৈ, শিক্ষাবিদ সোমেশ্বৰ নেওগ, জাতীয়তাবাদী নেতা অৱনী চলিহা আদি উপস্থিত থকা আজি গণ অভিবৰ্ত্তন খনিৰ আঁ‌তধৰে সাংবাদিক সন্থাৰ মূখপাত্ৰ মানস প্ৰতিম গগৈয়ে। প্ৰায় শতাধিক লোক উপস্থিত থকা আজি সভাত ক'ল ইণ্ডিয়াৰ কেইবাটাও শ্ৰমিক সংগঠনৰ নেতা-কৰ্মীয়ে অংশ গ্ৰহণ কৰি ক'ল ইণ্ডিয়াই ৰাইজৰ বিৰুদ্ধে লোৱা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাই যাব বুলি হুংকাৰ প্ৰদান কৰে।