ভাৰত–চীন সংঘৰ্ষ বিষম পৰ্যায়ত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান কৰিলে সৰ্বদলীয় বৈঠক

ভাৰত–চীন সংঘৰ্ষ বিষম পৰ্যায়ত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান কৰিলে সৰ্বদলীয় বৈঠক

অতি উদ্বেগজনক পৰিস্থিতি। গলৱানত ভাৰত–চীন সংঘৰ্ষই নিশাটোৰ ভিতৰতে সলনি কৰি দিছে সমগ্ৰ সমীকৰণ। কৌশল নিৰ্ধাৰণ কৰিবলৈ একাধিক বৈঠকৰ আহ্বান কৰিছে সামৰিক বাহিনীয়ে। এইবাৰ পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীৰ অফিচৰ সূত্ৰত প্ৰকাশ পোৱা মতে, সীমান্তত সংঘৰ্ষৰ পৰিৱেশ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত ১৯জুন সন্ধিয়া ৫বজাত সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে প্ৰধানমন্ত্ৰীয়ে। বৈঠকত সকলো দলৰ সভাপতিয়ে অংশগ্ৰহণ কৰিব। বৈঠক ভাৰ্চুৱেল পদ্ধতিৰে হ’ব।