বোকাখাতত সখী এক্সপ্ৰেচৰ বিশেষ অনুষ্ঠান : সখী কৰ্মীৰ মাজত ৩৬ খন স্কুটি বিতৰণ মন্ত্ৰী অতুল বৰাৰ :

বোকাখাতত সখী এক্সপ্ৰেচৰ বিশেষ অনুষ্ঠান  : সখী কৰ্মীৰ মাজত ৩৬ খন স্কুটি বিতৰণ মন্ত্ৰী অতুল বৰাৰ  :
Aiidesh photo
বোকাখাতত সখী এক্সপ্ৰেচৰ বিশেষ অনুষ্ঠান  : সখী কৰ্মীৰ মাজত ৩৬ খন স্কুটি বিতৰণ মন্ত্ৰী অতুল বৰাৰ  :

বোকাখাতত সখী এক্সপ্ৰেচৰ বিশেষ অনুষ্ঠান  : সখী কৰ্মীৰ মাজত ৩৬ খন স্কুটি বিতৰণ মন্ত্ৰী অতুল বৰাৰ  :

Aiidesh News  : 5th September :

স্কুটি  পোৱাৰ আনন্দতে স্প্ৰীডত স্কুটি নচলাব । নিয়মকানুন মানি স্কুটী চলাওঁক । নগৰৰ মাজেৰে যাওঁতে মুখখন উলিয়াই নগৈ হেলমেট টো পিন্ধি যাব- " কৰ্মীক স্কুটি প্ৰদান কৰি এই আহ্বান জনায় কৃষি মন্ত্ৰী অতুল বৰাই । ৪ চেপ্তেম্বৰত বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত এইঅনুষ্ঠানত ২০২১-২২ বিত্তীয় বৰ্ষৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ "সখী এক্সপ্ৰেছ" আঁচনিৰ অধীনৰ গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ ৩৬ গৰাকী বেংক সখী, বীমা সখী, জীৱিকা সখী, কৃষি সখী, পশু সখী আদি সামূহিক কৰ্মীসকলক স্কুটী বিতৰণ কৰা হয় লগতে কেইবাটাও আত্মসহায়ক গোটে বেংকৰপৰা লাভ কৰা ঋণৰ অনুমোদন পত্ৰও বিতৰণ কৰা হয় ৷ 

বোকাখাত উন্নয়ন খণ্ডৰ অভিযান পৰিচালনা গোটেৰ দ্বাৰা বোকাখাত নাট্যমন্দিৰত আয়োজিত সখী এক্সপ্ৰেচ নামক এই অনুষ্ঠানত বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, গোলাঘাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া  ধীৰাজ দাস, বোকাখাতৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, গোলাঘাট জিলা গ্ৰামোন্নয়ন প্ৰধিকৰণৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া, গোলাঘাট অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ প্ৰকল্প প্ৰৱন্ধক মাধুৰ্য প্ৰসাদ বৰা, বোকাখাতৰ ৰাজহ চক্ৰ বিষয়া শ্ৰী সৌভিক দত্ত, মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকা, বোকাখাত মহকুমা তথ্য আৰু জনসংযোগ বিষয়া নীৰা ৰায়, গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পাৰ্থজিৎ গগৈ, আঞ্চলিক পঞ্চায়তৰ সভাপতি বিপিন দলে, সমাজকৰ্মী  অনিমেষ শইকীয়া, জীৱেশ্বৰ হাজৰিকাৰ লগতে গাওঁ পঞ্চায়ত সমুহৰ প্ৰতিনিধি আৰু হিতাধিকাৰীসকল উপস্থিত থাকে।

******