বোকাখাতৰ জে.ডি. এছ. জি. মহাবিদ্যালয়ত কাৰবি ভাষাৰ বিশেষ পাঠ্যক্ৰমৰ শুভাৰম্ভ :

বোকাখাতৰ জে.ডি. এছ. জি. মহাবিদ্যালয়ত কাৰবি ভাষাৰ বিশেষ পাঠ্যক্ৰমৰ শুভাৰম্ভ  :
Aiidesh Photo
বোকাখাতৰ জে.ডি. এছ. জি. মহাবিদ্যালয়ত কাৰবি ভাষাৰ বিশেষ পাঠ্যক্ৰমৰ শুভাৰম্ভ  :

বোকাখাতৰ জে.ডি. এছ. জি. মহাবিদ্যালয়ত কাৰবি ভাষাৰ বিশেষ পাঠ্যক্ৰমৰ শুভাৰম্ভ  : 

Aiidesh News : 31 August 2023  : 

বোকাখাতৰ জে.ডি.এছ.জি. মহাবিদ্যালয়ত নতুন শিক্ষানীতিৰ অধীনত অলপতে কাৰবি ভাষাৰ বিশেষ পাঠ্যক্ৰম আনুষ্ঠানিকভাবে মুকলি কৰা হয় । নতুন শিক্ষা নীতিৰ অধীনত স্থানীয় ভাষাক বিশেষ প্রাধান্য প্ৰদান কৰাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে বিশ্ববিদ্যালয় খনৰ অধীনস্থ মহাবিদ্যালয় বোৰৰ চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ প্ৰথম ষান্মাসিকত কাৰবি ভাষাৰ বিশেষ পাঠ্যক্ৰম অন্তৰ্ভূক্তি কৰিছে । ইয়াৰ পটভুমিতে অলপতে বোকাখাতৰ জে.ডি.এছ.জি. মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিশ্চিত কৰণ কোষৰ সহযোগত কাৰবি ভাষাৰ বিশেষ পাঠক্ৰম আনুষ্ঠানিক ভাৱে মহাবিদ্যালয়খনত আৰম্ভ কৰা হয় । এই উপলক্ষে আয়োজিত উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰে অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক কৃষ্ণ ৰংপিয়ে । স্নাতক তৃতীয় যান্নাসিকৰ অসমীয়া বিভাগৰ ছাত্ৰী ৰশ্মি টকবিপীয়ে অনুষ্ঠানত আৰম্ভণি গীত পৰিৱেশন কৰাৰ পাছত উদ্ধোধনী ভাষণ প্ৰদান কৰে জে.ডি.এছ. জি. মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়ন্ত গগৈয়ে । ভাষণ প্ৰসঙ্গত তেখেতে বিশ্ববিদ্যালয়ক কাৰবি ভাষাৰ বিশেষ পাঠ্যক্ৰম অন্তৰ্ভুক্তি কৰাৰ বাবে শলাগ জ্ঞাপন কৰে আৰু ছাত্ৰ-ছাত্ৰীক কাৰবি ভাষা-সাহিত্য অধ্যয়ন আৰু বিকাশ সাধনত অৰিহণা যোগাবলৈ আহ্বান জনায় ৷ 

মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সমন্বয়ক ড° জয়ন্ত দাস আৰু অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক ড° অৰুণ কুমাৰ বৰাও অনুষ্ঠানত ভাষণ প্ৰদান কৰে । কাৰবি ভাষাৰ বিশেষ পাঠক্ৰম উদ্বোধনী অনুষ্ঠানত অসমীয়া বিভাগৰ জেষ্ঠ অধ্যাপক ড° ৰুবী বৰা, সহকাৰী অধ্যাপক ৰাস্না পাদি পেগু, সহকাৰী অধ্যাপক ড° মিতালী নাথ, অর্থনীতি বিভাগৰ সহকাৰী অধ্যাপক লেফটেনেন্ট মিন্টু টকবী, বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপক আকাশী ফুকন উপস্থিত থাকে ৷  ছাত্ৰ-ছাত্ৰীৰ হৈ ভাষণ প্ৰদান কৰে আকাশ টেৰণ, মিৰহাচে তেৰাংপী আৰু পিৰবী লেকথেপীয়ে । অনুষ্ঠানৰ  শেষত মহেশ ছিংনাৰে শলাগৰ শৰাই আগবঢ়াই ।

********